আইজলত ম্যানমাৰৰ বিদ্রোহীৰ বৃহৎসংখ্যক অস্ত্র–শস্ত্র উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ মিজোৰামৰ ৰাজধানী আইজলৰ কাষৰীয়া ম্যানমাৰ সীমান্তত সীমান্ত নিৰাপত্তা বাহিনীয়ে কালি উদ্ধাৰ কৰে বৃহৎসংখ্যক অস্ত্র–শস্ত্র৷

বিএছএফৰ ৬১ বেটেলিয়নে কালি নিয়মীয়া টহল দি থকাৰ সময়তে এটা গৃহৰ পৰা এই অস্ত্র–শস্ত্রখিনি উদ্ধাৰ কৰে৷

উদ্ধাৰ হোৱা অস্ত্র–শস্ত্রসমূহৰ ভিতৰত আছে ছটা এম–১৬ ৰাইফল, তিনিটা এ কে–৪৭, এটা এছএলআৰ ৰাইফল, এটা জি–৩ ৰাইফল, এটা ৯ এমএম পিষ্টল, দুটা মাইনছ আৰু গ্রেনেড লন্সাৰ৷ ঘৰটোৰ পৰা সেনাই ১,১৯,১০০ টকাও উদ্ধাৰ কৰে৷

আন্তঃৰাষ্ট্রীয় সীমান্তৰ পৰা ভাৰতৰ দিশে ৫ কিলোমিটাৰ ভিতৰৰ এটা গৃহত উদ্ধাৰ হোৱা এই অস্ত্র–শস্ত্রখিনি ম্যানমাৰ বিদ্রোহীৰ বুলি মন্তব্য কৰিছে বিএছএফে৷ সেনাৰ সূত্র মতে, এই অস্ত্র–শস্ত্রসমূহ পূব ম্যানমাৰৰ ৰাখিনী ৰাজ্যৰ বিদ্রোহী সংগঠন আৰাকান লিবাৰেচন আর্মীয়ে লুকুৱাই ৰাখিছিল৷

বর্তমান এই বিদ্রোহী গোটটো ম্যানমাৰ চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তিত আছে৷

Comments (0)
Add Comment