ক’ৰোনাঃ অৰুণাচলত বন্ধ ইনাৰলাইন পার্মিট

নিয়মীয়া বার্তা, ১৯ মার্চঃ ক’ৰোনা ভাইৰাছ সংক্রমিত নহ’বলৈ অৰুণাচল প্রদেশ চৰকাৰে সতর্কতামূলক ব্যৱস্থাৰ অংশস্বৰূপে ইনাৰ লাইন পার্মিট সাময়িকভাৱে বন্ধ কৰিছে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ চৰকাৰে বিশেষ সতর্কতামূলক ব্যৱস্থা হাতত লৈ সকলোধৰণৰ ইনাৰ লাইন পার্মিটৰ অনুমোদন বন্ধ কৰি দিছে ৷ অৰুণাচল প্রদেশ চৰকাৰে বহিঃৰাজ্যৰ লোকৰ বাবে আন্তঃৰাজ্যিক পাৰপত্র বন্ধ ৰাখিছে যদিও নবীকৰণ চলি থাকিব ৷ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে দেশৰ বিভিন্ন ৰাজ্যৰ শতাধিক লোক ইনাৰ লাইন পার্মিটৰ বাবে আহি বুধবাৰে বান্দৰদেৱাত আবদ্ধ হৈ পৰে ৷ বুধবাৰে পুৱাৰে পৰা অৰুণাচলৰ প্রদেশৰ ৰাজধানীৰ প্রবেশদ্বাৰ বান্দৰদেৱাত প্রশাসনে সতর্কতামূলক তালাচী কঠোৰ কৰি তুলিছে ৷ চীনৰ দাঁতিকাষৰীয়া ৰাজ্য হিচাপে অৰুণাচল প্রদেশত এতিয়ালৈকে এজনো ক’ৰোনা ভাইৰাছ সংক্রমিত ব্যক্তিৰ তথ্য চৰকাৰৰ হাতত নাই ৷ আনহাতে পাহাৰীয়া ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সজাগতা সভা পাতি ৰাইজক সজাগ কৰাৰ প্রয়াস চলাইছে ৷ ইফালে উত্তৰ–পূব সীমান্ত ৰে’লৱেই গুৱাহাটী–নাহৰলগুন শতাব্দী এক্সপ্রেছৰ চলাচল ৩১ মার্চলৈ বাতিল কৰিছে ৷

Comments (0)
Add Comment