ক’ৰোনা ভাইৰাছৰ আতংকঃ উত্তৰ পূবত হাইএলাৰ্ট

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ক’ৰোনা ভাইৰাছক লৈ উত্তৰ পূৰ্বৰ ৰাজ্য মণিপুৰ আৰু চিকিমক হাই এলাৰ্ট জাৰি কৰিছে। মণিপুৰৰ স্বাথ্য বিভাগে মঙলবাৰে ক’ৰোনা ভাইৰাছক সম্ভাৱিত প্ৰকোপ লৈ স্বাথ্য বিভাগে এলাৰ্ট জাৰি কৰিছে। স্বাথ্য বিভাগে ক্ষিপ্ৰতাৰে ঘাতক ভাইৰাছৰ নিবাৰণৰ লগতে সংক্ৰমিত লোকসকলক বিচাৰি উলিয়াবলৈ ডেট থাৰ্মেল ডিৰেক্টৰীৰ সৈতে ৫ টা নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰ উপৰিও দুটা বেলেগ বেলেগ আইসৌলেশ্বন ৱাৰ্ড নিৰ্মাণ কৰা হৈছে। যত RIMS আৰু JNIMS আছে।
সংবাদ মাধ্যমৰ আগত স্বাথ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ড০ লিঞ্চাগথেম অৰ্ক সিঙে কয় যে সীমাৱৰ্তী জিলা মৰে, টেঙগ্ৰপাল জিলা, মাও, চুৰাচন্দপুৰ আৰু ঝিৰীবাম জিলাৰ প্ৰতিটো প্ৰৱেশ পথতে হাই এলাৰ্টত ৰখা হৈছে,লগতে সকলোতে চিকিৎসক কৰ্মী নিযুক্ত কৰা হৈছে যাতে ভাইৰাছ সংক্ৰমিত ব্যক্তিক চিনাক্ত কৰিব পাৰে।

Featured
Comments (0)
Add Comment