তিনি লাখ টকা লৈ মেঘালয়ৰ ঘন অৰণ্যত মুকলি কৰিলে অসমৰ দুই অপহূতক

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্তৱর্তী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত অসমৰ দুজন লোকক উগ্রপন্থীয়ে অপহৰণ কৰি তিনি লাখ টকাৰ বিনিময়ত মুকলি কৰি দিয়া ঘটনা পোহৰলৈ অহাত চুবুৰীয়া ৰাজ্যখনত পুনৰ গাৰো নেচনেলিষ্ট লিবাৰেচন আর্মী, চমুকৈ জিএনএলএ সক্রিয় হৈ উঠা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে যোৱা সোমবাৰে সন্ধিয়া প্রায় ৮ বজাত গুৱাহাটীৰ পৰা এখন জাইলো গাডীৰে গাডীৰ মালিক মনোৱাৰ হুছেইন আৰু গাডীখনৰ চালক আলোৱাৰ হুছেইন হাটশিঙিমাৰীলৈ আহি থকা অৱস্থাত সেনাৰ পোছাকত কেইবাজনো অস্ত্রধাৰী উগ্রপন্থীয়ে গাডীখন ৰখাই দুয়োক গাডীৰ পৰা নমাই অপহৰণ কৰে৷ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী থানা এলেকাৰ  গাপতলী নামৰ পাহাৰৰ মাজত থকা পথৰ পৰা এইদৰে হিন্দী চিনেমাৰ কায়দাৰে দুয়োকে অপহৰণ কৰি ঘন জংঘলৰ পিনে লৈ যায়৷

ইফালে, জাইলো গাডীখন ঘটনাস্থলীতে এৰি থৈ অপহৰণকাৰী উগ্রপন্থীৰ দলটো দুয়োৰে পৰিয়াললৈ ফোন কৰি জিএনএলএৰ নামত ২০ লাখ টকা মুক্তিপণ বিচাৰে৷ এই ঘটনাৰ পাছতেই দুয়োটা পৰিয়ালৰ মাজত হাহাকাৰ লাগে৷ অসম আৰু মেঘালয় আৰক্ষীক বিষয়টো অৱগত কৰাৰ পাছত মেঘালয় আৰক্ষীয়ে গাডীখন উদ্ধাৰ কৰে যদিও অপহূত লোক দুজনৰ সন্ধান চলাই থকাৰ মাজতে যোৱা নিশা প্রায় ৯ বজাত ঘটনাস্থলীৰ পৰা প্রায় আঢ়ৈ কিলোমিটাৰ নিলগত থকা পাহাৰৰ মাজৰ পৰা তিনি লাখ টকা মুক্তিপণ আদায় দি অপহূত দুয়োক উদ্ধাৰ কৰি আনে৷ ইফালে, উভয় ৰাজ্যৰ আৰক্ষীয়ে ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে৷ চাৰি–পাঁচ বছৰ পূর্বে উক্ত স্থানেৰে চলাচল কৰা একাংশ বাহনৰ পৰা অসমীয়া লোকক গাৰো উগ্রপন্থীয়ে অপহৰণ কৰি লাখ লাখ টকা মুক্তিপণ  সংগ্রহ কৰিছিল৷ কিন্তু কেন্দ্রীয় চৰকাৰে মেঘালয়ত উগ্রপন্থীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাত জিএনএলএৰ সেনাধ্যক্ষ শ্বোহান ডি শীৰা নিহত হোৱাত জিএনএলএৰ বৃহৎ দল এটা চৰকাৰৰ ওচৰত অত্মসমর্পণ কৰে৷ তেতিয়াৰ পৰা মেঘালয়ত অপহৰণকাণ্ড একপ্রকাৰ নোহোৱা হৈছিল যদিও পুনৰ বিগত কিছুদিন ধৰি মেঘালয়ত ব্যৱসায় কৰিবলৈ যোৱা অসমীয়া লোকক গাৰো উগ্রপন্থীয়ে অপহৰণ কৰি লাখ লাখ টকা মুক্তিপণ হিচাপে সংগ্রহ কৰা আৰম্ভ কৰিছে৷ শেহতীয়াকৈ কালি নিশা তিনি লাখ টকাৰ বিনিময়ত মুকলি কৰি দিয়া উগ্রপন্থীৰ দলটোৱে জিএনএলএৰ পৰিচয় দি অপহূত দুয়োকে জংঘলৰ মাজত থকা জিএনএলএৰ কেম্প এটাত ৰখা বুলি জানিব পৰা গৈছে৷ উক্ত কেম্পত তিনি শতাধিক উগ্রপন্থীৰ সদস্যক প্রশিক্ষণ দি থকাৰ লগতে উক্ত কেম্পত বৃহৎ অস্ত্র থকা বুলিও বিশেষ সূত্রে জানিব পৰা গৈছে৷ দয়োকে অপহৰণ কৰাৰ পাছত উগ্রপন্থীৰ দলটো জিএনএলএ নতুনকৈ সক্রিয় হৈ উঠাৰ কথা–বতৰা পতা শুনিব পোৱাৰ পাছত বিষয়টো পোহৰলৈ আহিছে৷ এইক্ষেত্রত মেঘালয় চৰকাৰে উগ্রপন্থীৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হব৷

Comments (0)
Add Comment