উত্তৰ–পূব ভাৰত ভ্রমণলৈ অহা পর্যটকক সতর্কবাণী

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ উত্তৰ–পূব ভ্রমণৰ ক্ষেত্রত সতর্ক হ’বলৈ গ্রেট ব্রিটেইন আৰু আমেৰিকাই তেওঁলোকৰ নাগৰিকসকলক আহ্বান জনাইছে ৷ দেশ দুখনৰ মতে এই অঞ্চলত বিভিন্ন প্রতিবাদ আৰু হিংসাত্মক ঘটনাই আগুৰি ধৰিছে ৷ ব্রিটেইনৰ ফৰেইন এণ্ড কমনৱেলথ অফিচে নাগৰিকসকলক কেৱল অত্যাৱশ্যকীয় ভ্রমণ কৰিবলৈহে উপদেশ দিছে ৷ চলিত বর্ষত উত্তৰ–পূব ভাৰত আৰু অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহৎ প্রতিবাদ সাব্যস্ত হৈছে ৷ সেইবাবেই দেশখনে উত্তৰ–পূব ভাৰত ভ্রমণৰ ক্ষেত্রত এনেধৰণৰ প্রতিবাদী কার্যসূচীৰ পৰা দূৰত থাকিবলৈ নাগৰিকসকলক আহ্বান জনাইছে ৷

আমেৰিকাৰ তৰফৰ পৰা নাগৰিকলৈ পৰামর্শ আগবঢ়াই কৈছে যে উত্তৰ–পূবত বাছ, ট্রেইন, ৰে’ল লাইন, বজাৰ আদিত বিদ্রোহী সংগঠনে বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে ৷ আমেৰিকাৰ চৰকাৰৰ কর্মচাৰীসকলক অসম, অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, ত্রিপুৰা আৰু মণিপুৰলৈ যোৱাত নিষিদ্ধ ঘোষণা কৰি বিশেষ অনুমোদন সাপেক্ষেহে যাত্রাৰ অনুমতি প্রদান কৰিছে ৷ আনহাতে, আমেৰিকাৰ মহিলা নাগৰিকক অকলশৰে ভ্রমণ নকৰিবলৈ পৰামর্শ দিছে ৷ আমেৰিকাই এই কথাও উল্লেখ কৰিছে যে ভাৰতত দ্রুতগতিত বৃদ্ধি পাইছে ধর্ষণৰ ঘটনা আৰু অপৰাধমূলক কার্যকলাপ ৷ উল্লেখ্য যে ২০১৭ চনত ৯ লাখ ৪০ হাজাৰ ব্রিটেইনৰ নাগৰিকে ভাৰত ভ্রমণ কৰিছিল ৷

Featured
Comments (0)
Add Comment