বৰপেটাত কাইলৈৰ পৰা অসম–ত্রিপুৰাৰ মেচ

নিয়মীয়া ক্রীড়া বার্তা,৩ জানুৱাৰীঃ বৰপেটা জিলা ক্রীড়া সংস্থাৰ খেলপথাৰত ৪–৭ জানুৱাৰীত অনুষ্ঠিত হ’ব ১৯ বছৰ অনূর্ধ্ব কোচবিহাৰ ট্রফীৰ অসম আৰু ত্রিপুৰাৰ মাজৰ মেচখন৷

প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া বি চি চি আইৰ অধীনস্থ এই মেচখনৰ বাবে বৰপেটা জিলা ক্রীড়া সংস্থাই প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷

৪ জানুৱাৰীৰ পুৱা ৮.৪৫ বজাৰ পৰা প্রথম দিনৰ খেল আৰম্ভ হ’ব৷ ইতিমধ্যে ডেনিছ দাস নেতৃত্বাধীন অসম দলটোৱে বৰপেটাত উপস্থিত হৈছে৷

এই মেচখন পৰিচালনা কৰাৰ বাবে বি চি চি আয়ে ওড়িশাৰ দুর্গা দত্ত দাস আৰু বিদর্ভৰ বিনোদ ইংলেক আম্পায়াৰ হিচাপে নিযুক্ত কৰা হৈছে৷ আনহাতে মেচ ৰেফাৰী হিচাপে নিযুক্ত কৰিছে তামিলনাডুৰ হেমন্ত কুমাৰক৷

Comments (0)
Add Comment