মণিপুৰত ১৬৫ কোটি টকাৰ হেৰোইনৰ ভাণ্ডাৰ জব্দ

নিচাযুক্ত দ্ৰব্য প্ৰস্তুতকাৰী লেবৰেটৰী উৎখাত

নিউজডেস্ক, ৪ ডিচেম্বৰঃ মণিপুৰৰ থৌবাল জিলাৰ ছডা খুম্বী গাঁৱত আৰক্ষী আৰু আছাম ৰাইফলছে যৌথ অভিযান চলাই নিচাযুক্ত দ্ৰব্য প্ৰস্তুতকাৰী এটা বৃহৎ লেবৰেটৰী উৎখাত কৰে । ইয়াৰ লগতে জব্দ কৰে ১৬৫ কোটি টকাৰ হেৰোইনসহ নিচাযুক্ত দ্ৰব্য প্ৰস্তুত কৰা কেঁচামাল । অভিযানকাৰী দলৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে উৎখাত কৰা মণিপুৰৰ লেবৰেটৰীৰ পৰাই অসমলৈ হেৰোইনকে ধৰি নিচাযুক্ত দ্ৰব্যসমূহ সৰবৰাহ হয় । ইপিনে অভিযানত নগদ ২.৮ লাখ টকাও জব্দ কৰে অভিযানকাৰী দলটোৱে । আৰক্ষীয়ে ইতিমধ্য নিচাযুক্ত দ্ৰব্যৰ প্ৰস্তুতকাৰী লেবৰেটৰী চলোৱা দুই ভাতৃক গ্ৰেপ্তাৰ কৰিছে ।