নাগালেণ্ডৰ ৮-অৰুণাচলৰ ৩ জিলাত ৬ মাহৰ কাৰণে পুনৰ আফছপা বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ছেপ্টেম্বৰঃ উত্তৰ পূর্বাঞ্চলৰ ৰাজ্য নাগালেণ্ডৰ ৮ জিলা আৰু অৰুণাচল প্রদেশৰ তিনি জিলাত ছমাহৰ কাৰণে পুনৰ সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফছপাৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ ৰাজ্য দুখনৰ আইন–শৃংখলাজনিত পৰিস্থিতি পর্যালোচনা কৰাৰ অন্তত অশান্ত অঞ্চল হিচাপে অধীসূচনা জাৰি কৰি কেন্দ্রীয় গৃহ মন্ত্রালয়ে নাগালেণ্ডৰ ৮ জিলা আৰু অৰুণাচল প্রদেশৰ ৬ জিলাত ছমাহৰ কাৰণে আফছপাৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আফছপা ১৯৫৮ৰ অনুচ্ছেদ ৩ অধীনত এই ম্যাদ বৃদ্ধি কৰি অধীসূচনা জাৰি কৰিছে৷ অহা ১ অক্টোবৰৰ পৰা ছমাহৰ বাবে নাগালেণ্ড আৰু অৰুণাচলৰ উল্লিখিত জিলাত আফছপা বলৱৎ হৈ থাকিব৷ নাগালেণ্ডৰ জিলাকেইখন হৈছে– ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, মন, কিফিৰে, নকলক, ফেক আৰু পেৰেন৷ ইয়াৰ উপৰি অতিৰিক্তকৈ ৫খন জিলাৰ ২১ থানাতো আফছপা বলৱৎ হ’ব৷ এই থানাকেইখন হৈছে ক’হিমা, মোককচুং, লংলেং, ৱাখা আৰু জুনহেবটো জিলাৰ অন্তর্ভুক্ত৷ আনপিনে অৰুণাচল প্রদেশৰ তিনি জিলা টিৰাপ, চাংলং আৰু লংডিঙত আফছপা বলৱৎ হৈ থাকিব৷ নামচাই জিলাৰ নামচাই, মহাদেৱপুৰ আরু ছৌখাম আৰক্ষী থানা অঞ্চলটো আইনখন বলৱৎ হৈ থাকিব৷ উল্লেখ্য যে নামচাই জিলা অসমৰ সীমান্তৱর্তী৷

Featured