CABক লৈ দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক

অমিত শ্বাহৰ নেতৃত্বত অনুষ্ঠিত হব বৈঠক

নিয়মীয়া বাৰ্তা, ২৯ নবেম্বৰঃ CABক লৈ ৰাজ্য প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে আজিৰে পৰা নতুন দিল্লীত অমিত শ্বাহৰ নেতৃত্বত গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকলৈ আমন্ত্ৰিত উত্তৰ-পূৱৰ ৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজনৈতিক দল-সংগঠন আৰু নাগৰিক সমাজৰ প্ৰতিনিধি।CABক লৈ কেৱল অসমেই নহয়, উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যই উত্তাল হৈ আছে। তেনেস্থলত অসম তথা উত্তৰ-পূবৰ প্ৰতিনিধি সকলৰ মতামত লৈ এক সমাধান সূত্ৰ উলিওবাৰ অৰ্থে বৈঠকখন  অনুষ্ঠিত হৈছে বুলি এক সূত্ৰত প্ৰকাশ পাইছে। ৩০ নৱেম্বৰ অৰ্থাৎ কাইলৈ অসমৰ প্ৰতিনিধিৰে বৈঠকত বহিব অমিত শ্বাহ। আনহাতে ৩ ডিচেম্বৰত আছু নেতৃত্বৰে বৈঠকত মিলিত হ’ব গৃহমন্ত্ৰীগৰাকী।

CABক লৈ দিল্লীত গুৰুত্বপূৰ্ণ বৈঠকFeatured