মণিপুৰত কুকি উগ্ৰপন্থীৰ বোমা আক্ৰমণত কমাণ্ডো জোৱানৰ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ আজি পুৱা মণিপুৰৰ মৰেহ জিলাত নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু তাৰ পিছতে চিডিঅ’ বিষয়াৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। আৰক্ষীৰ মতে, উগ্ৰপন্থীয়ে এছ বি আই মৰেৰ সমীপৰ এটা নিৰাপত্তা চকীত বোমা নিক্ষেপ কৰাৰ লগতে গুলীচালনা কৰে। লগে লগে নিৰাপত্তা বাহিনীয়ে প্ৰত্যুত্তৰ দিয়ে। আৰক্ষীয়ে জনোৱা মতে, সীমান্তৱৰ্তী চহৰখনত এজন আৰক্ষী বিষয়াৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন সন্দেহযুক্ত লোকক ৰাজ্যিক বাহিনীয়ে গ্ৰেপ্তাৰ কৰাৰ ৪৮ ঘণ্টাৰ পিছতে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ এটা চকীত গুলীচালনা কৰে। ইয়াৰ পূৰ্বে মণিপুৰ চৰকাৰে ১৬ জানুৱাৰীৰ মাজনিশা ১২ বজাৰ পৰা টেংগনৌপালত সান্ধ্য আইন জাৰি কৰিছিল। টেংগন’পালৰ জিলা দণ্ডাধীশে জাৰি কৰা আদেশত কোৱা হৈছে যে এই সান্ধ্য আইন “আইন আৰু শৃংখলা বলৱৎ কৰা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত চৰকাৰী সংস্থা”ৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। ইফালে, ইম্ফল পশ্চিম জিলাৰ কৌটৰুক গাঁৱত মঙলবাৰে নিশা গাঁৱৰ স্বেচ্ছাসেৱক আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত দুঘণ্টাৰো অধিক সময় ধৰি সংঘৰ্ষ হয়। বিষয়াসকলে জনোৱা মতে, কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত উপস্থিত হোৱাৰ পিছতে আক্ৰমণকাৰীয়ে গুলীচালনা বন্ধ কৰি দিয়ে। আৰক্ষী বিষয়াগৰাকীৰ মতে, আগ্নেয়াস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, মৰেহ থানাৰ সন্মুখত বহুসংখ্যক মহিলাই সন্দেহযুক্ত লোক দুজনক “বিনাচৰ্তে মুক্তি”ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। চুৰাচান্দপুৰ জিলাৰ খিলঞ্জীয়া জনজাতি নেতা মঞ্চ কুকি ইনপি টেংগনৌপাল (KIT) আৰু কাংপোকপি জিলাৰ জনজাতি ঐক্য সমিতি (COTU) য়ে দুয়োজনক গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দিছে। যোৱা বছৰৰ অক্টোবৰ মাহত মহকুমা আৰক্ষী বিষয়া (এছডিপিঅ’) চি আনন্দৰ হত্যাকাণ্ডৰ মূল সন্দেহযুক্ত দুই প্ৰধান সন্দেহযুক্ত ফিলিপ খংছাই আৰু হেমোখোলাল মেটেক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। দুয়োজনে নিৰাপত্তাৰক্ষীৰ বাহনলৈ গুলীচালনা কৰিছিল, তাৰ পিছত আৰক্ষীয়ে তেওঁলোকক খেদি খেদি ধৰে। আৰক্ষীয়ে জনোৱা মতে, পিছত দুয়োকে মৰেহৰ ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ কৰা হয় আৰু তাৰ পৰাই তেওঁলোকক ৯ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।

Featured