মেঘালয়ৰ ডালু সীমান্তদি ভাৰতত প্ৰৱেশ কৰা ৫ বাংলাদেশীক আটক

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত মীৰজুমলাৰ সমীপত নাকা তালাচীৰ সময়ত পাঁচ বাংলাদেশী নাগৰিকক আটক  কৰে আৰক্ষীয়ে। ধৃত বাংলাদেশী নাগৰিকসকলৰ দুজন পুৰুষ আৰু তিনি গৰাকী মহিলা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, আটকধীন বাংলাদেশী নাগৰিককেইজন মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ডালু অঞ্চলৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। পিছত মেঘালয়ৰ ডালুৰ পৰা টেম্পৰে তুৰা হৈ নিশা প্ৰায় ১০ বজাত মানকাচৰৰ অসম মেঘালয় সীমান্তত উপস্থিত হয়। মানকাচৰ হৈ হাটশিঙিমাৰী অভিমুখে গৈ থকাৰ সময়ত মীৰজুমলাৰ সমীপত আৰক্ষীৰ নাকা তালাচীৰ মুখামুখি হয় ধৃত বাংলাদেশীকেইগৰাকীক লৈ অহা টেম্পখন। টেম্প থকা পাঁচ বাংলাদেশী নাগৰিকে উপযুক্ত প্ৰমাণ দিব নোৱাৰাত আৰক্ষীয়ে আটক কৰে  বাংলাদেশী পাঁচগৰাকীক। ধৃত বাংলাদেশী নাগৰিকসকল ক্ৰমে আকাশ হুছেইন, ছফিকুল মণ্ডল, ছাবিনা আফতান, ছানতা বেগম আৰু পিংকি আখতাৰা বুলি জানিব পৰা গৈছে। বাংলাদেশী নাগৰিককেইগৰাকী মানকাচৰ অভিমূখে লৈ অহা টেম্পু চালকজনকো আৰক্ষীয়ে আটক কৰিছে। ধৃত টেম্পু চালকজন মানকাচৰ থানাৰ অন্তৰ্গত পেছাৰকান্দি গাঁৱৰ আখিৰুল ইছলাম। AS 17 C3808 নম্বৰৰ টেম্পুৰে মেঘালয়ৰ ডালুৰ পৰা মানকাচৰ অভিমূখে আহিছিল বাংলাদেশী পাঁচগৰাকী। সম্প্ৰতি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক মানকাচৰ থানাত উপস্থিত হৈ ধৃতকেইজনক মাৰাথন জেৰাৰ অন্তত হাটশিঙিমাৰী সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক ফাৰহাদ আহমেদ
Featured