১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীৰ ‘ভাৰত ন্যায় যাত্রা’

মণিপুৰৰ পৰা মুম্বাইলৈ আঢ়ৈমহীয়া কার্যসূচী

বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্রা’ত অভূতপূর্ব সঁহাৰি লাভ কৰিছিল কংগ্রেছে৷ ৰাহুল নেতৃত্বাধীন এই কার্যসূচীক ঐতিহাসিক বুলি অভিহিত কৰিছিল দলটোৱে৷ ২০২৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে আকৌ একেই কার্যসূচী গ্রহণ কৰিছে ৰাহুলে৷ এইবাৰ এই কার্যসূচীৰ নাম ‘ভাৰত ন্যায় যাত্রা’৷ আগন্তুক বর্ষৰ ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো যাত্রাৰ এই দ্বিতীয় অধ্যায়৷ এইবাৰ উত্তৰ–পূবৰ মণিপুৰৰ পৰা মহাৰাষ্ট্রৰ মুম্বাইলৈকে ভাৰত ন্যায় যাত্রা কৰিব ৰাহুলে৷ কংগ্রেছ সূত্রই সদৰী কৰা অনুসৰি এইবাৰ মুঠ ১৪খন ৰাজ্যত পদযাত্রা কৰিব ৰাহুল গান্ধীয়ে৷ মণিপুৰৰ পৰা কংগ্রেছ নেতৃত্বই ৰাহুলৰ সৈতে আৰম্ভ কৰিবলগীয়া পদযাত্রাৰ অন্ত পৰিব মুম্বাইত৷ মুঠ ৮৫খন জিলাত এই পদযাত্রাত অংশ ল’ব ৰাহুলে৷ ২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে অন্ত পৰিব ৰাহুলৰ এই ন্যায় যাত্রাৰ৷ আগন্তুক ২০ মার্চত ভাৰত ন্যায় যাত্রাৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছে কংগ্রেছ নেতৃত্বই৷ উল্লেখনীয় যে মল্লিকার্জুন খার্গেই ১৪ জানুৱাৰীত আনুষ্ঠানিকভাৱে ভাৰত ন্যায় যাত্রাৰ সূচনা কৰিব৷

Featured