অসম সাহিত্য সভাৰ আজীৱন সদস্য, ধুবুৰীৰ সৰবৰহী ব্যক্তি পুলিন তালুকদাৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ:‌ ধুবুৰীৰ সাংস্কৃতিক, সামাজিক  ক্ষেত্ৰখনৰ এগৰাকী সৰবৰহী ব্যক্তি তথা বিশিষ্ট সমাজকৰ্মী পুলিন তালুকদাৰ আৰু নাই। বিগত  কিছুদিনৰ পৰা দূৰাৰোগ্য ৰোগত ভূগি থকা তালুকদাৰৰ যোৱাকালি বিয়লিৰ ফালে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭২ বছৰ। উল্লেখ্যে যে, প্ৰায় এবছৰমান পূৰ্বে তালুকদাৰৰ সহধৰ্মিণী প্ৰণিতা তালুকদাৰৰো মৃত্যু হৈছিল। ধুবুৰীৰ কলেজ নগৰৰ বাসিন্দা তালুকদাৰে মৃত্যুৰ সময়ত তেখেতৰ তিনি পুত্ৰকে ধৰি অসংখ্য গুণমুগ্ধক এৰি থৈ যায়। ১৯৫১ চনৰ ১ এপ্ৰিলৰ দিনা নলবাৰী জিলাৰ বিহামপুৰ গাওঁত জন্মগ্ৰহণ কৰিছিল তেওঁ। প্ৰয়াত ছবিন চন্দ্ৰ তালুকদাৰৰ পুত্ৰ পুলিন তালুকদাৰে ১৯৭২ চনত কৰ্মসূত্ৰে ধুবুৰীলৈ আহিছিল। ধুবুৰী জলসম্পদ বিভাগত কৰ্মৰত  তালুকদাৰে পিছলৈ গৈ ধুবুৰীৰ ১৫নং ৱাৰ্ডৰ কলেজ নগৰত নিগাজীকৈ থাকিবলৈ লৈছিল।  নিজৰ চাকৰি জীৱনৰ কৰ্তৱ্যৰ মাজতেই ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ত নিজৰ অধ্যয়নো চলাই গৈছিল তেওঁ। ২০১১ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা  পুলিন তালুকদাৰে আৰম্ভণিৰে পৰা ধুবুৰীৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰখনৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত হৈ আছিল। অসম সাহিত্য সভাৰ আজীৱন সদস্য তালুকদাৰ মৃত্যুৰ আগলৈকে ধুবুৰী সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ দায়িত্বত আছিল। ইয়াৰোপৰি ধুবুৰীৰ কলেজ নগৰ সাংস্কৃতিক সংঘ, কলেজ নগৰ নামঘৰ, ধুবুৰী নামঘৰ, ধুবুৰী অসম সংঘ ভৱন, ধুবুৰী সান্ধ্য চক্ৰ আদি বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ আছিল তেওঁ। গুৱাহাটীৰ পৰা তেখেতৰ পাৰ্থিৱ দেহ আহি অহাৰ পিছত আজি পুৱা ধুবুৰী সাহিত্য সভাৰ বিষয়ববীয়াসকলে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্মশানত আত্মীয়–স্বজন আৰু অলেখ গুণমুগ্ধৰ উপস্থিতিত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়।