আইআইএফএছৰ বঁটা লাভ তেজপুৰৰ বর্ণালী শর্মা বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ দিল্লীৰ লোধীস্থিত ইণ্ডিয়ান ইণ্টাৰনেচনেল মাল্টিপাৰপাছ হলত তেজপুৰ নিৱাসী মানৱ অধিকাৰ কৰ্মী বর্ণালী শর্মা বৰুৱাক ২৭ নৱেম্বৰত ইণ্ডিয়ান ইণ্টাৰনেচনেল ফেণ্ডশ্বিপ ছ’চাইটীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় গৌৰৱ বঁটাৰে সন্মানিত কৰিছে । এই বাতৰিয়ে তেজপুৰ চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে অর্থনৈতিক বিকাশ আৰু ৰাষ্ট্রীয় সংহতিৰ ওপৰত বিগত কেইবাদশক ধৰি কাম কৰি অহা ছ’চাইটীখনে তেজপুৰৰ বর্ণালী শর্মা বৰুৱাই মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিভিন্ন দিশত কৰি অহা কর্মৰাজিৰ বাবে স্বীকৃতি দি স্পর্শ সাহিত্য বঁটাৰে সন্মানিত কৰে ৷