‘কা’বিৰোধী আন্দোলনত হিংসাঃ যুৱ কংগ্রেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনৰ গইনা লৈ হিংসা বিয়পোৱা আৰু এইক্ষেত্রত প্রৰোচিত কৰাৰ অভিযোগত কালি দিছপুৰ আৰক্ষীয়ে অসম প্রদেশ যুৱ কংগ্রেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্রেপ্তাৰ কৰে৷ তদুপৰি ‘নিয়া’ই ছাত্র মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতি মানস কোঁৱৰকো গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে যোৱা বছৰ ১২ ডিচেম্বৰত ‘কা’ৰ বিৰুদ্ধাচৰণৰ নামত অসম সচিবালয়ৰ সন্মুখত হোৱা হিংসাত্মক ঘটনাত প্রদেশ যুৱ কংগ্রেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়৷ হিংসাত্মক ঘটনাত জড়িত যুৱকক যুৱ কংগ্রেছৰ সভাপতিজনে ৰাজপথত কৰমর্দন কৰাৰ ভিডি’ ক্লিপিংপর্যন্ত ইতিমধ্যে প্রকাশ পাইছে৷ এই সংক্রান্তত যুৱ কংগ্রেছৰ সভাপতিজনৰ বিৰুদ্ধে বিভিন্ন থানাত মুঠ ৩২টা গোচৰ ৰুজু হৈছে৷ দিছপুৰ থানাত ৰুজু হোৱা ৩৮০০/২০১৯নং গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে কালি যুৱ কংগ্রেছৰ নেতাজনক গ্রেপ্তাৰ কৰে৷ ইপিনে, ছাত্র মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতি মানস কোঁৱৰক চাৰি দিন ধৰি সোধা–পোছাৰ অন্তত আজি ‘নিয়া’ই গ্রেপ্তাৰ কৰে৷

যোৱা ১২ ডিচেম্বৰৰ দিনা অখিল গগৈৰ সৈতে যোৰহাট আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ছাত্র নেতাজনে ২৬ ডিচেম্বৰত ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহাৰ পথ প্রশস্ত হৈছিল যদিও পৰৱর্তী সময়ত অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক ১৩/২০১৯ গোচৰত ‘নিয়া’ই মূল অভিযুক্ত কৰি এজাহাৰ দাখিল কৰে৷ ইয়াৰে অখিল গগৈক ১৬ ডিচেম্বৰত যোৰহাট কাৰাগাৰৰ পৰাই নিয়াই গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় আৰু ১০ দিনৰ জিম্মাত লয়৷ আন দুজন অভিযুক্ত ক্রমে ধৈর্য কোঁৱৰ আৰু বিতু সোণোৱালক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ পৰাই ৭ জানুৱাৰীত নিয়াই গ্রেপ্তাৰ কৰে আৰু নিজৰ জিম্মাত লয়৷

আনহাতে, ছাত্র নেতা মানস কোঁৱৰক ২০ জানুৱাৰীত সোণাপুৰৰ নিয়াৰ কার্যালয়ত সোধা–পোছাৰ বাবে উপস্থিত হ’বলৈ জাননী প্রেৰণ কৰে৷ সেইমর্মে ২০ জানুৱাৰীৰ পুৱা ১০ বজাত নিয়াৰ কার্যালয়ত উপস্থিত হোৱা মানস কোঁৱৰক একেৰাহে চাৰি দিন ধৰি আঠ ঘণ্টাকৈ সোধা–পোছা চলোৱাৰ অন্তত আজি উক্ত গোচৰত গ্রেপ্তাৰ কৰে৷

Comments (0)
Add Comment