গহপুৰৰ বৰঙাবাৰীত ‘কা’বিৰোধী প্রতিবাদৰ সন্মুখীন মন্ত্রী পীয়ূষ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃদেওবাৰে গহপুৰ আছুৰ ‘কা’বিৰোধী তীব্র প্রতিবাদ তথা বিক্ষোভৰ সন্মুখীন হ’বলগা হয় মন্ত্রী পীয়ূষ হাজৰিকা৷ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ জন্মস্থান শ্বহীদনগৰী বৰঙাবাৰীত গহপুৰ আছুৰ কর্মীসকলে মন্ত্রী হাজৰিকাক ক’লা প্রতাকা প্রদর্শন কৰাৰ লগতে ‘কা’ বাতিলৰ দাবীত মন্ত্রীগৰাকীৰ সন্মুখত তীব্র প্রতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য যে গহপুৰ বিধানসভা সমষ্টিৰ বৰঙাবাৰীস্থিত মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশগ্রহণৰ বাবে বিয়লি বৰঙাবাৰীত উপস্থিত হৈছিল মন্ত্রী পীয়ূষ হাজৰিকা৷ মন্ত্রীগৰাকীৰ কনভয় ৰাষ্ট্রীয় ঘাইপথৰ পৰা বিদ্যালয়খনলৈ সোমাই যাওঁতেই সদৌ বিশ্বনাথ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি বৰা, গহপুৰ মহকুমা ছাত্র সন্থাৰ সভাপতি ভুবনেশ্বৰ তাঁতী, সাধাৰণ সম্পাদক দীপক বৰা আৰু গহপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি ভূঞা, সম্পাদক সমীৰণ বৰাৰ নেতৃত্বত পূর্বৰে পৰা বৰঙাবাৰী চাৰিআলিত সমৱেত হৈ থকা গহপুৰ আছুৰ বহুসংখ্যক কর্মীয়ে বিদ্যালয়খনৰ প্রৱেশ পথত মন্ত্রীগৰাকীক ক’লা পতাকা প্রদর্শন কৰাৰ লগতে ‘কা’বিৰোধী প্রতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

আছু কর্মীসকলে সম্পূর্ণ শান্তিপূর্ণভাৱে উক্ত প্রতিবাদ সাব্যস্ত কৰি মন্ত্রীগৰাকীক অতি শীঘ্রে ‘কা’ বাতিলৰ দাবী জনায়৷ গহপুৰ আৰক্ষীৰ তৎপৰতাত আছু কর্মীৰ উক্ত বিক্ষোভ অতিক্রম কৰি মন্ত্রীগৰাকীয়ে সভাত অংশগ্রহণ কৰি ঘূৰি আহোঁতে পুনৰ একে ঠাইতে গহপুৰ আছুৰ অনুৰূপ প্রতিবাদৰ সন্মুখীন হ’বলগা হয়৷

Comments (0)
Add Comment