নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ ১৫ সংখ্যক দ্বি – বাৰ্ষিক অধিৱেশনৰ সামৰণি

  •  মুকলি সভাৰ অতিথি — মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু এবছুৰ সভাপতি দিপেন বড়ো।

নিয়মীয়া বাৰ্তা ;  ৭ মে’ – নিখিল বড়ো ছাত্ৰ সন্থাৰ অন্যতম জিলা সমিতি দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ ১৫ সংখ্যক বৰ্ষৰ দ্বি – বাৰ্ষিক অধিৱেশন খন যোৱা ৬ মে’ৰ পৰা আৰম্ভ হৈছে। কামৰূপ জিলাৰ ভোগদাবাৰীত ৬ আৰু ৭ মে’ত দুই দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আয়োজন কৰা ছাত্ৰ সংগঠনটোৰ অধিবেশনত জনগোষ্ঠীটোৰ লক্ষ্য – জীয়াই থকা ; কাম কৰা আৰু প্ৰগতি লাভ কৰা। ইফালে দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি চানচৌৰাং বসুমতাৰী আৰু সাধাৰণ সম্পাদক হেমন্ত কুমাৰ বড়োই জনোৱা মতে ; একতা ; জীয়াই থকা আৰু সমৃদ্ধিৰ মন্ত্ৰৰে সংগঠনটো শক্তিশালী ৰূপত পৰিচালনা কৰিবলৈ লগতে নতুন প্ৰজন্মৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰিবলৈ আয়োজন কৰা হৈছে অধিবেশনৰ। এই বেলি বকোৰ ভোগদাবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজন কৰা অধিবেশনত শৈক্ষিক আৰু আৰ্থসামাজিক দিশৰ ওপৰত জনগোষ্ঠীটোৰ ভৱিষ্যত প্ৰজন্মৰ মৌলিক অধিকাৰৰ ওপৰত আলোকপাত কৰা হয়। অধিবেশন পৰিচালনা কৰিবলৈ গঠন কৰা অভ্যৰ্থনা সমিতিৰ সভাপতি হৰেণ বড়ো আৰু সম্পাদক শংকৰ বড়োই জনোৱা মতে ; বড়ো ছাত্ৰ সন্থাৰ অধিবেশনত জিলা সমিতিৰ প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত কৰা হয়। অধিবেশনৰ কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা অভ্যৰ্থনা সমিতিৰ সভাপতি হৰেণ বড়োৰ জৰিয়তে স্বৰ্গীয় সভাৰাম দৈমাৰী সোঁৱৰণী মুল তোৰণ উদ্ধোধন।ভোগদাবাৰী গাওঁ উন্নয়ন সমিতিৰ সভাপতি দধিৰাম বড়োৰ জৰিয়তে স্বৰ্গীয় তাৰিনি খাখলাৰী সোঁৱৰণী অতিথি শালা উদ্ধোধন।গছ পুলি ৰোপন কৰে গাওঁ প্ৰধান কান্তেশ্বৰ বড়োই। স্বৰ্গীয় বলোৰাম বড়ো সোঁৱৰণী মুল ৰভা আৰু মঞ্চ উদ্ধোধন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ দশৰথ বড়োই।ভোজনালয় উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভোলানাথ বড়োই। অনুস্থানত সাহিত্য প্ৰতিযোগিতা উদ্ধোধন কৰে জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপিকা ভৈৰৱী বড়োই। আবেলি পৰত শান্তি আৰু ঐক্যৰ বাবে বন্তি প্ৰজ্বলন কৰে দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰীয়ে। সন্ধিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সহ: সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মৰ জৰিয়তে উদ্ধোধন কৰে জিলা সমিতিৰ প্ৰতিনিধি সভা। প্ৰতিনিধি সভাত বিষয় বাচনি সভাৰ জৰিয়তে আগন্তুক দুই বছৰৰ বাবে পুনৰ চানচৌৰাং বসুমতাৰীক সভাপতি আৰু যুৱ ছাত্ৰ নেতা জীতেন বড়োক সাধাৰণ সম্পাদক তথা নাৰায়ণ বড়োক কোষাধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ সমিতি খন। দ্বিতীয় দিনাৰ ভিন্ন কাৰ্য্যসূচীৰ ভিতৰত পতাকা উত্তোলন ; বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন ; শ্বহীদ তৰ্পণ ; সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বহু কাৰ্য্যসূচীৰ অন্তত আবেলি পৰত সভাপতি চানচৌৰাং বসুমতাৰীৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাৰ আদৰণি ভাষণ ৰাখে অভ্যৰ্থনা সমিতিৰ সভাপতি হৰেণ বড়োই। মুকলি সভা উদ্বোধন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক অনচূলা গৌৰা বডোচাই। সংগঠনটোৰ মুকলি সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়ো ; নিখিল বড়ো সাহিত্য সভাৰ বিষ্ণু বসুমতাৰী ; বড়ো জাতীয় পৰিষদৰ বিষয় ববীয়া সকল ; বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ অনিল বসুমতাৰী ; দশৰথ বড়ো ; সংহত জনজাতীয় উন্নয়ণ প্ৰকল্পৰ অধ্যক্ষা লাৱন্য বড়ো ; ভোগদাবাৰীৰ গাওঁ প্ৰধান কান্তেশ্বৰ বড়ো ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী ; সুমিত ৰাভা ; আদিত্য ৰাভা ; সাধাৰণ পাৰিষদ অৰ্জুন চেত্ৰী ; মিনতি বড়ো ; কামৰূপ জিলা বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সঞ্জয় চৌধুৰী ; দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম শৰ্মা ; বকো আঞ্চলিক বাথৌ মহাসভাৰ সভাপতি বেলৰাম বড়ো ; লগতে অন্যান্য জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে বুলি জানিব দিয়ে অভ্যৰ্থনা সমিতিয়ে। অধিবেশনৰ মুকলি সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জনগোষ্ঠীটোৰ জাতীয় সমস্যাৰ ওপৰত আলোকপাত কৰে আৰু সামগ্ৰীক বিকাশৰ স্বাৰ্থত কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আচনি গ্ৰহণ কৰা কথা ঘোষণা কৰে। মুকলি সভাৰ মুখ্য অতিথিৰ ভাষণত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োই এবছুৰ আন্দোলনৰ অতিত আৰু বৰ্তমানৰ বিষদ বৰ্ণনা দাঙি ধৰে। সভাত দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি স্বাধীন বড়োই সংগঠনটোৰ উত্থান আৰু বৰ্তমানৰ লগতে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ ওপৰত কৰণীয় কাৰ্য্যৰ আলোকপাত কৰে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।