বইটামাৰীত ৰংঘৰৰ আৰ্হিত বিহু বাকৰিঃ শ্ৰেষ্ঠ বিহুৱা দলৰ সন্মান মঘাই ওজা বিহু দললৈ

নিয়মীয়া বাৰ্তা, ৭ মে’: বঙাইগাও জিলাৰ বইটামাৰীত কালি আছুৰ উদ্যোগত সদৌ অসম ভিত্তিত এখনি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা এই মুকলি বিহু খনি এইবাৰ ৰংঘৰৰ আৰ্হিত নিৰ্মান কৰা বিহু বাকৰিত সমাপন হয়। অসমৰ বিভিন্ন প্ৰান্তৰ কেবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰা এই মুকলি বিহু খন সহস্ৰাধিক ৰাইজে উপভোগ কৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মুকলি বিহু খন পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা আৰু বিহুৰ পতাকা ক্ৰমে সন্থাটোৰ সভাপতি দিপাঞ্জল নাথ আৰু প্ৰাক্তন আছু কৰ্মী তথা অসম সাহিত্য সভাৰ আমন্ত্ৰিত সদস্য অমৰেন্দ্ৰ বৰুৱাই উত্তোলন কৰি শুভাৰম্ভ কৰে। ইয়াৰ পিচত শ্বহীদ তৰ্পন কৰে সন্থাটোৰ সম্পাদক ধৃতিমান মজুমদাৰে। দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন,খেল ধেমালি, বিহু মইনা,বিহু কিশোৰী আদি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিচত সন্ধিয়া মুকলি বিহু প্ৰতিযোগিতা খন অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনত শ্ৰেষ্ঠ বিহুৱা দলৰ সন্মান লাভ কৰে গুৱাহাটীৰ মঘাই ওজা বিহু দলে। একেদৰে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ বিহুৱা দলৰ খিতাপ অৰ্জন কৰে ক্ৰমে মানিকপুৰৰ গগনা বিহু দল আৰু বঙাইগাও সাংস্কৃতিক গোষ্ঠীয়ে। প্ৰতিযোগিতা খনত শ্ৰেষ্ঠা বিহুৱতীৰ খিতাপ অৰ্জন কৰে গুৱাহাটীৰ উৎপলা হোজাই আৰু শ্ৰেষ্ঠ ঢুলীয়াৰ বঁটা লাভ কৰে অভয়াপুৰীৰ ৰূপজ্যোতি বৈশ্যই। এই মুকলি বিহু খনতে ছাত্ৰ সন্থাই অঞ্চলটোত বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িয়াই অনা অৱসৰী কৃতি শিক্ষক হবিবৰ ৰহমান, প্ৰবীন নাট্য শিল্পী ভূপতি বৰুৱা, কৃতিমান আলোক চিত্ৰ শিল্পী অজয় চৌধুৰী, আদৰ্শ খেতিয়ক মাজাহাৰুল ইছলাম সৰকাৰ আৰু আছুৰ বিহু বাকৰিত ৰংঘৰৰ আৰ্হি নিৰ্মান কৰি উলিওৱা প্ৰতিভাধৰ চিত্ৰ শিল্পী নয়ন জ্যোতি ৰায়ক সম্বৰ্ধনা জনায়।

 

প্ৰেৰক: ৰুবুল কান্তি দাস