মাজুলীত স্বামীৰ সন্মুখতে পত্নীক উপর্যুপৰি ধর্ষণ, গ্রেপ্তাৰ ২

নিয়মীয়া বার্তা, ২৯ নৱেম্বৰঃ সত্রপীঠ মাজুলীত সংঘটিত লোমহর্ষক ধর্ষণ কাণ্ডই সমগ্র মিচিং সমাজকেই লজ্জানত কৰিছে ৷ ঘটনা অনুসৰি যোৱা ৫ নৱেম্বৰত যোৰহাটৰ পৰা মাজুলীৰ কংকুৰ চাপৰিৰ আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহিছিল এহাল মিচিং দম্পতী ৷ দম্পতীহাল গন্তব্যস্থান পোৱাৰ পূর্বে সন্ধিয়া বালিজান চাপৰিত থকা ঝাওবনৰ মাজত আবদ্ধ কৰি দুটা লম্পটে চলায় চৰম নির্যাতন ৷ ইমানেই নহয়, স্বামীক মাৰধৰ কৰি স্বামীৰ সন্মুখতে পত্নীক উপর্যুপৰি ধর্ষণ কৰিলে দুই পাষণ্ডই ৷ ইতিমধ্যে মিচিং সমাজক লজ্জানত কৰা ধর্ষণ কাণ্ডত অভিযুক্ত দুই লম্পট ক্রমে পদ্ম কুলী আৰু গর্গৰাম টাইদক বৃহস্পতিবাৰে গ্রেপ্তাৰ কৰিছে বিহপুৰীয়াৰ বঙালমৰা আৰক্ষীয়ে ৷ এটিকৈ কণমানি সন্তানৰ পিতৃ দুই লম্পটে এই ঘটনাটো সংঘটিত কৰাৰ পূর্বে দম্পতীহাল মিচিং জনগোষ্ঠীৰ নহয় বুলি ভাবিয়েই নির্যাতনৰ চেষ্টা চলায় ৷ আনকি লম্পট দুটাই তেওঁলোকৰ নিজা ম’বাইলৰ জৰিয়তে দম্পতীহালৰ আত্মীয়ক দম্পতীহাল মিচিং জনগোষ্ঠীৰ হয় নে নহয় নিশ্চিত কৰে যদিও দম্পতীহালৰ চেহেৰা মিচিং জনগোষ্ঠীৰ লগত নিমিলা বাবেই সংঘটিত কৰে এই নৃশংস কাণ্ড ৷ উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ পিছদিনাই ভুক্তভোগীয়ে মাজুলীৰ গড়মুৰ থানাত গোচৰ তৰিছিল যদিও আৰক্ষীয়ে ঘটনাটো বিহপুৰীয়া আৰু বঙালমৰা থানালৈ স্থানান্তৰিত কৰা বাবেই অপৰাধীদ্বয়ক চিনাক্ত কৰাৰ লগতে কৰায়ত্ত কৰাৰ ক্ষেত্রত পলম হয় ৷ বিশেষকৈ অপৰাধী যুৱকদ্বয়ে তেওঁঁলোকৰ ফোনৰ পৰা দম্পতীহালৰ আত্মীয়লৈ কৰা ফোনৰ আঁত ধৰিয়েই আৰক্ষীয়ে চিনাক্ত কৰে অপৰাধীদ্বয়ক ৷ ইপিনে আৰক্ষীয়ে লম্পট দুটাক সোধা–পোছা কৰাত উক্ত ঘটনাটো সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে ৷ এনে ঘটনাৰ পাছতে বঙালমৰা আৰক্ষী চকীত একাংশ মিচিং জনগোষ্ঠীয় লোক উপস্থিত হৈ উক্ত ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে মিচিং সমাজক লজ্জানত কৰা এনে অপৰাধীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ৷ সভ্য সমাজক লজ্জানত কৰা এই নৃশংস কাণ্ডত সমগ্র মাজুলীৰ লগতে বিহপুৰীয়াতো তীব্র চাঞ্চল্য বিৰাজ কৰিছে ৷

Featured