নিয়মীয়া বাৰ্তা, ১৬ মে’: আজি অতি উতসাহ উদ্দিপনাৰে যোৰহাটত ২৫৬৬তম পবিত্ৰ বুদ্ধ জয়ন্তী উদযাপন কৰা হয়। যোৰহাট ৰজাবাৰীস্থিত বৌধ বিহাৰত বুদ্ধ পূৰ্ণিমা উপলক্ষে আজি পূৱা পতাকা উত্তোলনৰ পাছতে পঞ্চশীল গ্ৰহন আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। সম্বৰ্ধনা অনুস্থানত কেবাগৰাকীও দাতাক সম্বৰ্ধনা জনোৱা হয়। দুপৰীয়া বুদ্ধ পূৰ্ণিমা উপলক্ষে বৌধ বিহাৰৰ এটা সজাতি দলে যোৰহাটৰ সাৰথি বৃদ্ধাশ্ৰমলৈ গৈ আশ্ৰয়ীসকলৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰে। বিয়লি অনুষ্ঠিত হোৱা ধৰ্মসভাত স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ লগতে সংখ্যালঘু উন্নয়ণ পৰিষদৰ অধ্যক্ষ পাৰভেজ মেহদি উপস্থিত থাকি বক্তব্য ৰাখে। উল্লেখনীয় যে দিনটোৰ লগত সংগতিৰাখি যোৱা ১৫ মেত বৌধ যুৱক সংঘই এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়।
প্ৰেৰকঃ নবজ্যোতি তামুলী,চিনামৰা