সময়মতে বিটিচিত নির্বাচন অনুষ্ঠিত নকৰি ইউটিচি জাপিলে হ’ব অগ্ণিগর্ভা পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ‘বিজেপিশাসিত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগী দলে ৰাইজৰ গণতান্ত্রিক আন্দোলনক আওকাণ কৰি এখনৰ পিছত আন এখন আইন বলৱৎ কৰাৰ দৰে যদি বিটিচিৰ নির্বাচন সময়মতে অনুষ্ঠিত নকৰি ইউটিচি গঠন কৰে, তেনেহ’লে বিটিচিৰ পৰিস্থিতি অগ্ণিগর্ভা হৈ পৰিব৷ ৰাইজৰ গণতান্ত্রিক অধিকাৰ কাঢ়ি লৈ ৰাইজৰ মতামত নলৈ বিটিচিত হঠকাৰী সিদ্ধান্ত ল’লে আমি সহ্য নকৰোঁ৷ অসমবাসীৰ তীব্র বিৰোধিতা সত্ত্বেও বিজেপি দলে কেৱল নিজৰ ভোটবেংকৰ স্বার্থত নাগৰিকত্ব সংশোধনী আইনখন প্রণয়ন কৰা কার্যৰো আমি বিৰোধিতা কৰি যাম৷’ –এই ভাষ্য কোকৰাঝাৰৰ সাংসদ তথা গণ সুৰক্ষা পার্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ৷

শনিবাৰে গোসাঁইগাঁৱৰ ভাওৰাগুৰি ৰাজহ চক্রৰ অধীনস্থ মান্দাৰপাৰা জাতীয় বিদ্যালয় খেলপথাৰত গণ সুৰক্ষা  পার্টীৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কর্মীসভাত অংশগ্রহণ কৰি তেওঁ বিজেপি আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক তীব্র সমালোচনা কৰে৷ কর্মীসভাত সাংসদ শৰণীয়াই কয়– ‘বিজেপিৰ সমর্থনত বিটিচিৰ পৰা অবডো ৰাইজৰ সকলো অধিকাৰ নস্যাৎ কৰাৰ বিপিএফ দলে যি চক্রান্ত চলাইছে, সেয়া কেতিয়াও সফল হ’বলৈ দিয়া নহ’ব৷ ৰাইজ ঐক্যবদ্ধ হৈ থাকিলে বিজেপি–বিপিএফৰ এই চক্রান্ত সফল নহয়৷ তেওঁ বিটিচিৰ শাসক দলক তীব্র কটাক্ষ কৰি হাগ্রামা মহিলাৰী আৰু তেওঁৰ সতীর্থসকলক তীব্র সমালোচনা কৰে৷ বিটিচি নির্বাচন পিছুৱাই দি পিছদুৱাৰেৰে ইউ টি চি গঠন কৰাৰ এক ষডযন্ত্র চলিছে বুলিও তেওঁ অভিযোগ কৰে৷

তেওঁ কয় যে বিটিচিৰ গৰিষ্ঠসংখ্যক লোকৰ অধিকাৰ খর্ব কৰাৰ উদ্দেশ্যে ইউ টি চি এনেদৰে জাপি দিব বিচাৰিলে সেয়া বিটিচিৰ গৰিষ্ঠসংখ্যক লোকে কেতিয়াও মানি নলয়৷ তথাপি যদি চৰকাৰে ইউ টি চি গঠন কৰিব বিচাৰে, তেন্তে অবডো লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিবলৈ প্রাণপণ যুঁজ দি যাব বুলি তেওঁ সদৰী কৰে৷ তেওঁ কয় যে বিটিচিত বসবাস কৰা সংখ্যাগৰিষ্ঠ অজনজাতি লোকৰ সাংবিধানিক–মৌলিক অধিকাৰ আদায় কৰাৰ বাবে গণ সুৰক্ষা পার্টী দায়বদ্ধ আৰু আসন্ন বিটিচি নির্বাচনত হাগ্রামা এণ্ড কোম্পানীৰ অপশাসন ওফৰাই ৰাইজে নতুন চৰকাৰ গঢ়াৰ বাবে ইতিমধ্যে সংকল্পবদ্ধ হৈছে৷

এই কথা উপলব্ধি কৰি হাগ্রামা বাহিনীয়ে ৰাইজক নানা প্রকাৰে ভয়–ভীতি দেখুওৱাৰ লগতে প্রলোভন আৰু বিভাজনৰ খেল খেলিছে বুলি অভিযোগ কৰি সাংসদ শৰণীয়াই কর্মীসকলক উদ্যম আৰু সাহসেৰে ৰাইজৰ পক্ষত থিয় দিবলৈ আহ্বান জনায়৷ বিটিচিত বসবাস কৰা অজনজাতি লোকৰ ভূমি, চাকৰি, নিৰাপত্তা আদিৰ ক্ষেত্রত বঞ্চনা কৰা হাগ্রামা মহিলাৰীৰ অপশাসনক ওফৰাই গণ সুৰক্ষা পার্টীয়ে এইবাৰ বিটিচি দখল কৰাটো এশ শতাংশ নিশ্চিত বুলি দাবী কৰে দলটোৰ কেন্দ্রীয় সমিতিৰ সম্পাদক আব্দুল বাদশাই৷ উক্ত কর্মীসভাখনত অবডো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্রম, গণ সুৰক্ষা পার্টীৰ কেন্দ্রীয় সদস্য বিজয় সিং লাক্রা, উদয় কিস্কুকে ধৰি কোকৰাঝাৰ আৰু গোসাঁইগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

Comments (0)
Add Comment