সাপটগ্রামত উন্মোচন অটল বিহাৰী বাজপেয়ীৰ প্রতিমূর্তি

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি বুধবাৰে সাপটগ্রামত বাজপেয়ীজীৰ এটা আবক্ষ মূর্তি উন্মোচন কৰা হয়৷

সাপটগ্রামৰ ধানবজাৰ দুর্গা মন্দিৰৰ সন্মুখত স্থাপিত বাজপেয়ীৰ আবক্ষ মূর্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাপটগ্রাম পৌৰসভাৰ সভাপতি মালা মণ্ডলে৷ প্রতিমূর্তিৰ সন্মুখত বন্তি প্রজ্বলন কৰি শ্রদ্ধা নিবেদন কৰে পৌৰসভাৰ উপ–সভাপতি প্রদীপ কুমাৰ মণ্ডলে৷

অনুষ্ঠানত সাপটগ্রামৰ বিভিন্ন পদবীৰ বিজেপি কর্মীসকলৰ লগতে সর্বসাধাৰণ ৰাইজো উপস্থিত থাকে৷ অনুষ্ঠানত বিজেপিৰ বিভিন্ন কর্মৰাজি আৰু উন্নয়নমূলক কাম–কাজৰ বিষয়ে বক্তব্য আগবঢ়ায় সাপটগ্রাম পৌৰসভাৰ সভাপতি মালা মণ্ডল, উপ–সভাপতি প্রদীপ কুমাৰ মণ্ডল, নগৰ সমিতিৰ সদস্য অশোক কুমাৰ ৰায়, সাপটগ্রাম মণ্ডল বিজেপিৰ সভাপতি বিপুল সাহা আৰু সাধাৰণ সম্পাদক হৰি নাৰায়ণ দত্ত, প্রদীপ কুমাৰ বোসে৷

Comments (0)
Add Comment