হেঁপাহৰ ভোগালীৰ প্ৰস্তুতিঃ হাজোত উদ্ভাসিত হ’ব কুৰুক্ষেত্রৰ ৰণথলী

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ভোগালী বিহুলৈ মাজতে মাত্র কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে হাজোৰ জাপিয়াৰ হিদালবৰীতো চলিছে মেজি সজাৰ কাম৷

উল্লেখ্য যে প্রতি বছৰে গাঁওখনৰ যুৱকসকলে উৰুকাৰ নিশা এসাঁজ লগে–ভাগে খোৱাৰ লগতে মেজি বনাই দোমাহীৰ দিনা দোকমোকালিতে অগ্ণিসংযোগ কৰি অগ্ণিদেৱতাক পূজা কৰি আহিছে৷ এইবাৰো ইয়াৰ ব্যতিক্রম নহয়৷ হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্রস্তুতি চলিছে হাজোৰ জাপিয়াত৷ এই লৈ হাজোৰ জাপিয়া হিদলবৰীৰ ৰাইজৰ গাত তৎ নাইকিয়া হৈছে৷

এইবেলি বানৰ কবলত পৰি খেতিপথাৰ উছন হোৱাত ভেলাঘৰ, মেজিঘৰ সাজিবলৈ নৰাৰ নাটনি হোৱা সত্ত্বেও থমকি ৰোৱা নাই হিদলবৰীৰ ৰাইজ৷ বহু দূৰণিৰ পৰা নৰা আনি ভেলাঘৰ–মেজিঘৰ সজা আৰম্ভ কৰিছে৷ কেৱল সিমানেই নহয়, পথাৰত কুৰুক্ষেত্রত ৰণথলীৰ ভীষ্মৰ শৰশয্যা, অর্জুন, ভীষ্মৰ যুদ্ধৰ ৰথ, শ্রীকৃষ্ণ, অর্জুন, যুধিষ্ঠিৰ, দুর্যোধন, দুঃশাসন, ঘটোৎকচ, যুদ্ধৰ হাতী আদিৰ নির্মাণৰ ব্যাপক প্রস্তুতি চলাইছে হাজোৰ জাপিয়াৰ হিদলবৰীৰ ৰাইজে৷ ইতিমধ্যে ৯০ শতাংশ নির্মাণকার্য সম্পাদন হৈছে৷ মাঘ বিহুৰ উৰুকাৰ আগে আগে ইয়াৰ নির্মাণকার্য সম্পূর্ণ হ’ব৷

Featuredমাঘ বিহু
Comments (0)
Add Comment