ঢ়েকীয়াজুলি আৰক্ষীৰ জালত ৬ কুখ্যাত আন্তঃৰাষ্ট্রীয় গাড়ীচোৰ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিত চুৰি গাড়ীসহ গ্রেপ্তাৰ হ’ল ছজনীয়া কুখ্যাত আন্তঃৰাষ্ট্রীয় গাডীচোৰৰ দল ৷

গুৱাহাটীৰ পৰা এখন ইন’ভা ভাৰাত লৈ ঢ়েকীয়াজুলিত চালকক মাৰপিট কৰি গাড়ী লৈ চোৰৰ দলটোৱে ডিমাপুৰলৈ গৈছিল ৷ আৰক্ষীয়ে জিপিএছৰ সহায়ত ছাউথ ক’হিমাত চুৰি গাড়ীখন উদ্ধাৰ কৰাৰ লগতে হাতে–লোটে গ্রেপ্তাৰ কৰে ৬ দুর্ধর্ষ গাড়ীচোৰক ৷

উল্লেখ্য যে গুৱাহাটীৰ দীপাংকৰ শইকীয়াৰ এ এছ–০১ বি এক্স–৯৪৭৭ নম্বৰৰ ইন’ভাখন ১৬ ডিচেম্বৰত গুৱাহাটীৰ পৰা তেজপুৰ মেডিকেল কলেজত ৰোগীৰ খবৰ কৰিবলৈ ভাৰাত লৈছিল ছজনীয়া দলটোৱে ৷ গুৱাহাটীৰ পৰা আহি ঢ়েকীয়াজুলিৰ শিঙৰী চাহ বাগিচাৰ এক নির্জন ঠাইত চালক আজহাৰুদ্দিনক মাৰপিট কৰি গাডীখন লৈ যায় দলটোৱে ৷ গাড়ীখনৰ চালক আজহাৰুদ্দিনে ঢ়েকীয়াজুলি থানাত ঘটনাটো অৱগত কৰে ৷ ঢ়েকীয়াজুলি আৰক্ষীয়ে গাড়ীখনৰ স্বত্বাধিকাৰী চিকিৎসক ডাঃ দীপাংকৰ শইকীয়াৰে যোগাযোগ কৰে৷ গাড়ীখন ডিমাপুৰ অভিমুখে গৈ ছাউথ ক’হিমা পাওঁতেই জিপিএছৰ সহায়ত ঢ়েকীয়াজুলি আৰক্ষীৰ সহযোগত ডিমাপুৰ আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰাৰ লগতে চোৰকেইটাক হাতে–লোটে কৰায়ত্ত কৰে ৷

গ্রেপ্তাৰ হোৱা আন্তঃৰাষ্ট্রীয় গাডীচোৰকেইটা হ’ল– আইনুল হক (শিলবৰী, দৰং), ইমাম হুছেইন (তেজপুৰ পাঁচমাইল), ইক্রামূল হক (মঙলদৈ, ভকতপাৰা), আজহাৰুদ্দিন আহমেদ (লাহৰীঘাট), শ্যামল দাস ওৰফে কেকে (হেঙেৰাবাৰী, দিছপুৰ)৷ মূল অভিযুক্ত মহিবুৰ ৰহমান (চামগুৰি, নগাঁও)৷

ইফালে ধৃত দুর্ধর্ষ গাড়ীচোৰকেইটাই জনায় যে গাডীখন ডিমাপুৰলৈ নিলেই নগদ ৫০ হাজাৰ টকাকৈ প্রত্যেককে দিব বুলি জনাইছিল গাড়ীচোৰৰ মূল চক্রটোৱে ৷ গাড়ী চুৰি চক্রটোত চালক আজহাৰুদ্দিন জড়িত থকাৰ প্রমাণ লাভ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে চালক আজহাৰুদ্দিনকো কৰায়ত্ত কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছে৷

Featured
Comments (0)
Add Comment