ৰঙাপৰাৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ ৰঙাপৰাৰ বিজেপি বিধায়ক তথা অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰৰ মঙলবাৰে ১০.২৯ বজাত পৰলোকপ্ৰাপ্তি ঘটে । চিকিৎসাধীন অৱস্থাতে তেজপুৰৰ টাইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কিছুদিন পূর্বে বিধায়ক হিচাপে শপত লোৱা বৰঠাকুৰে ৷

উল্লেখ্য যে জটিল ৰোগত আক্রান্ত বিধায়কগৰাকী মঙলবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল ৷ সন্ধিয়া তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসাৰ বাবে স্থানীয় টাইমছ নামৰ হাস্পতালত ভর্তি কৰোৱা হৈছিল ৷ চিকিৎসকে বিধায়কগৰাকীৰ সংকটজনক অৱস্থাৰ প্রতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণৰ পৰামর্শ দিছিল ৷ কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে তেওঁক পুনৰ টাইমছ হাস্পতালৰ আই চি ইউত ৰাখি চিকিৎসা প্রদানৰ ব্যৱস্থা কৰা হৈছিল ৷ ছেপছিছ নামৰ এক জটিল ৰোগত আক্রান্ত বিধায়কগৰাকীৰ বিভিন্ন অংগ সংক্রমিত হোৱা বুলি চিকিৎসকসকলে সন্দেহ কৰিছিল ৷

শেহতীয়কৈ তেজপুৰ লোকসভা সমষ্টিত সাংসদ হিচাপে পল্লৱলোচন দাসে জয়লাভ কৰাৰ পাছত ৰঙাপৰা বিধানসভা সমষ্টিৰ খালী আসনখনৰ বাবে অনুষ্ঠিত উপ–নির্বাচনত বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল ৰাজেন বৰঠাকুৰে ৷

সদ্যসমাপ্ত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত তেওঁ বিধায়ক হিচাপে শপতগ্রহণ কৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২ বছৰ ৷ তেজপুৰৰ উপকণ্ঠ হলেশ্বৰত জন্মগ্রহণ কৰা বৰঠাকুৰে মৃত্যুৰ সময়ত পত্নী সীমা বৰঠাকুৰৰ লগতে মাতৃ মীনু দেৱীক এৰি থৈ যায় ৷

Comments (0)
Add Comment