ৰাজ্যত মীন মহলৰ উন্নয়নত আঠ কোটি টকাৰ কেলেংকাৰি

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ৰাজ্যৰ বিভিন্ন জিলাৰ মীন মহলৰ উন্নয়নৰ বাবে আবণ্টিত ধন এচাম দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীয়ে ঠিকাদাৰৰ সৈতে মিলি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ মঙলবাৰে দিছপুৰ প্রেছ ক্লাবত এই অভিযোগ উত্থাপন কৰে অনুসূচিত জাতি যুৱ–ছাত্র পৰিষদ অসমে৷

সংবাদ মেলত সংগঠনটোৰ কেইবাগৰাকী নেতাই অভিযোগ কৰা মতে ৰাজ্যৰ বিভিন্ন জিলাৰ মীন মহল উন্নয়নৰ বাবে ২০১৭–১৮ বর্ষত ‘আৰ আই ডি এফ’ এক্স এক্স আই আঁচনিৰ অধীনত এশ কোটি টকাৰ নিবিদা আহ্বান কৰি দুশজন ঠিকাদাৰক কামৰ দায়িত্ব দিছিল বিভাগীয় কর্তৃপক্ষই৷ কিন্তু যোৱা ২০১৯ বর্ষৰ ৩০ মার্চত সেই সময়ৰ পৰিচালন সঞ্চালক তথা বর্তমানৰ মীন বিভাগৰ যুটীয়া সচিব নির্মলকান্তি দেৱনাথে সহকাৰী অভিযন্তা মহিতুষ বর্মনৰ লগ লাগি অধ্যক্ষৰ অনুমোদন অবিহনে প্রায় ৭০জন ঠিকাদাৰক ২০ শতাংশ কাম সম্পূর্ণ নকৰাকৈ আঠ কোটি টকা মোকলাই দিয়ে৷ আনহাতে পৰিষদৰ হাতত পৰা তথ্য মর্মে ইতিমধ্যে পৰিশোধ কৰা বিলসমূহত নিগমৰ কার্যবাহী অভিযন্তা, প্রকল্প সঞ্চালক অথবা স্বয়ং অধ্যক্ষ কাৰোৰেই সন্মতি নথকা সত্ত্বেও সম্পূর্ণ নীতি–বহির্ভূতভাৱে অসম চৰকাৰৰ মীন বিভাগৰ উচ্চপদস্থ বিষয়াৰ সহযোগত নির্মলকান্তি দেৱনাথে লাখ লাখ টকা কাম নোহোৱা সত্ত্বেও ঠিকাদাৰক পৰিশোধ কৰিছে৷ নিশ্চিতভাৱে এইক্ষেত্রত নির্মলকান্তি দেৱনাথসহ অভিযুক্ত বিষয়াকেইজনে ঠিকাদাৰৰ পৰা বুজন পৰিমাণৰ ধন কমিছন ৰূপে আদায় কৰিছিল বুলি সংগঠনৰ নেতাসকলে অভিযোগ কৰে৷

Comments (0)
Add Comment