ৰিপুণ বৰাৰ অপসাৰণৰ দাবীত ছোনিয়ালৈ পত্র

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ  প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক দলৰ ভাবমূর্তিৰ স্বার্থতে অপসাৰণৰ দাবী কৰিছে প্রদেশ কংগ্রেছৰ দুই সাধাৰণ সম্পাদকসহ মুঠ ৮জন বিষয়ববীয়াই৷ এই সংক্রান্তত ইতিমধ্যে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভানেত্রী ছোনিয়া গান্ধীলৈ এখন পত্র প্রেৰণ কৰিছে৷ চাহ জনগোষ্ঠীৰ নেতা ডেনিয়েল তপ্ণৰ হত্যাকাণ্ডৰ গোচৰটোত ৰিপুণ বৰাৰ নাম পুনৰ সাঙোৰ খোৱাৰ পৰিপ্রেক্ষিততে তেওঁক অপসাৰণৰ দাবী উত্থাপন কৰিছে৷প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক দিগন্ত চৌধুৰী, নৱজ্যোতি তালুকদাৰ, সম্পাদক বীথিকা বৰুৱা, আদিলুৰ ৰহমান, শৈলেন সোণোৱাল, ৰমেন কুমাৰ ঝা, ৰতন বড়ো, হুকুম চান্দ আলী আৰু প্রবীৰ কলিতাই ছোনিয়া গান্ধীলৈ প্রেৰণ কৰা পত্রখনত কয় যে চিবিআয়ে উক্ত হত্যাকাণ্ড সম্পর্কত ইতিপূর্বে ৰিপুণ বৰাক অভিযুক্ত কৰিছিল৷ উচ্চতম ন্যায়ালয়ে ২০১৪ চনত বৰাক এক ৰায়যোগে ক্লীনশ্বীট দিয়ে যদিও চিবিআয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদনযোগে আপত্তি দর্শায়৷ শেহতীয়াকৈ যোৱা ২৪ ফেব্রুৱাৰীত গুৱাহাটী উচচ ন্যায়ালয়ে সেই গোচৰটো সম্পর্কত শুনানি গ্রহণৰ বাবে পুনৰ তালিকাভুক্ত কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত দলৰ সভাপতিৰ দায়িত্বৰ পৰা ৰিপুণ বৰাক দলৰ স্বার্থতে অপসাৰণ কৰিবলৈ তেওঁলোকে দাবী জনায়৷

Featured
Comments (0)
Add Comment