অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ’ব উৰণীয়া সেঁতু !

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ তেজপুৰবাসীৰ লগতে মিচন চাৰিআলিৰে দৈনিক যাতায়ত কৰা লোকসকলৰ বাবে সুখবৰ । কাৰণ অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ’ব এখন উৰণীয়া সেঁতু । এইকথা প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে শোণিতপুৰ জিলাত বহুকেইটা চৰকাৰী আঁচনিৰ উদ্বোধন কৰি ওভতাৰ পৰত তেজপুৰস্থিত মিচন চাৰিআলিত কিছুসময় ৰৈ পথটো পৰ্যবেক্ষণ কৰে ডঃ শৰ্মাই । উল্লেখ্য যে মিচন চাৰিআলিত তীব্ৰ যানযঁটৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে । ইপিনে এই সন্দৰ্ভত বিভাগীয় বিষয়াৰ লগতে তেজপুৰস্থিত সেনাৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতেই উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে এতিয়া উল্লাসিত হৈ পৰিছে তেজপুৰবাসী ৰাইজ । মিচন চাৰিআলিত এখন উৰণীয়া সেঁতু নিৰ্মাণ হ’লে মঙলদৈৰ পৰা লখিমপুৰ আৰু নগাঁৱৰ পৰা মঙলদৈ অথবা অৰুণাচললৈ যোৱা যাত্ৰীসকল বহু পৰিমাণে লাভান্বিত হ’ব ।

DR. HIMANTA BISWA SARMAFeatured