অবৈধ কয়লা কঢ়িয়াবলৈ উকিয়ামত শ্রী নৈৰ সোঁত ভেটি পথ নির্মাণ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত থকাৰ সময়তে অসাধু চক্রই মেঘালয়ৰ পৰা অসমলৈ একমাত্র অবৈধ কয়লা সৰবৰাহৰ বাবেই পুতি পেলাইছে এখন নৈ৷ নৈৰ ওপৰেদি সাজি উলিওৱা হৈছে এটি পথ৷ কয়লা সৰবৰাহৰ বাবে কয়লা মাফিয়া চক্রটোৱে নির্মাণ কৰিছে এই সেতু৷ উল্লেখ্য যে দক্ষিণ কামৰূপৰ অসম–মেঘালয় সীমান্তৰ উকিয়ামৰ মাজেৰে বৈ গৈছে শ্রী নামৰ নৈখন৷

উত্থাপিত অভিযোগ মতে, একমাত্র অবৈধ কয়লা সৰবৰাহৰ বাবে নৈৰ সোঁতক ভেঁটা দি সাজি উলিওৱা হৈছে এটি বৃহৎ পথ৷ এই পথছোৱাৰে অবৈধ কয়লাভর্তি ড্রাকসমূহ মেঘালয়ৰ পৰা অসমলৈ প্রৱেশ কৰে৷ অভিযোগ অনুসৰি, কয়লা মাফিয়া চক্রই বিভিন্ন পক্ষক মেনেজ কৰি উকিয়ামৰ পৰা ছয়গাঁও হৈ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আহিছে কয়লা৷ প্রতিনিশা শ শ ড্রাক আৰু চাৰিচকীয়া বাহন উকিয়ামৰ পৰা ৩০ কিলোমিটাৰ পথ অতিক্রমি ছয়গাঁৱলৈ লৈ আনে মাফিয়া চক্রটোৱে৷

ছয়গাঁৱৰ পৰা বিভিন্ন ঠাইলৈ সৰবৰাহ কৰে অসাধু চক্রটোৱে৷ অৱশ্যে মাজে সময়ে আৰক্ষী আৰু বন বিভাগে বিভিন্ন পক্ষৰ অভিযোগ পাই দুই–এখন কয়লাভর্তি গাডী জব্দ কৰি আহিছে৷ আনহাতে, উকিয়ামৰ পৰা অবৈধভাৱে কয়লা সৰবৰাহ কৰা চক্রটোৰ বিৰুদ্ধে তদন্ত চলাই বিহিত ব্যৱস্থা ল’বলৈ জাতীয় সেনা অসমৰ আঞ্চলিক সমিতিয়ে কালি ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক স্মাৰক–পত্র প্রদান কৰে৷

Featured
Comments (0)
Add Comment