অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলাক লৈ উৎফুল্ল মাৰ্ঘেৰিটাৰ বেজেপি আৰ এছ সমৰ্থক; ৩১হাজাৰ লাড়ু বিতৰণ

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ জল্পনা-কল্পনা, বাদ-বিবাদৰ অন্ত পেলাই আজি অযোধ্যাত ৰাম মান্দিৰৰ ভূমি পূজন আৰু শিল্যান্যাস কৰাত উৎফুল্ল হৈ পৰা দেখা গ’ল আৰ এছ বিজেপি সমৰ্থক সকল। এই উদ্দেশ্যে আজি মাৰ্ঘেৰিটা যুৱ সমাজৰ উদ্যোগত মাৰ্ঘেৰিটা কালীবাৰী মন্দিৰ প্ৰাঙ্গণৰ পৰা শুভাযাত্ৰা কৰি গৈ লিডু, বৰগোলাই, মাৰ্ঘেৰিটা, পাৱৈ আদিত বিতৰণ কৰা হয় ৩১ হাজাৰ বুন্দিয়া লাড়ু।

উল্লেখ্য যে, ৰাম মন্দিৰ আৰু বাবৰি মছজিদ নিৰ্মাণ বিবাদৰ অন্ত পেলাই উচ্চতম ন্যায়ালয়ে হিন্দুৰ পক্ষত ৰায় দি ৰাম মন্দিৰ নিৰ্মাণৰ ৰায় প্ৰদান কৰাত বিজেপি চৰকাৰৰ প্ৰত্যক্ষ সহযোগত তথা ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ তত্ত্বাৱধানত ৰাম মন্দিৰ নিৰ্মাণৰ অৰ্থে আজি দেশৰ প্ৰধানমন্ত্ৰী মোডীে ভূমি পূজন কৰাৰ পাছতেই সমগ্ৰ দেশৰ লগতে মাৰ্ঘেৰিটাতো বেজেপি আৰু আৰ এছ সমৰ্থক সকল উৎফুল্ল হৈ পৰা দেখা যায়।