আজি ভৈৰৱকুণ্ড পর্যটন মহোৎসৱৰ সামৰণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ অসম চৰকাৰ আৰু বিটিচিৰ পর্যটন বিভাগৰ উদ্যোগত যোৱা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱৰ আজি সামৰণি পৰিব৷

পুৱা অসম, অৰুণাচল প্রদেশ, মণিপুৰ মিজোৰামৰ লগতে চুবুৰীয়া ৰাষ্ট্র ভূটানৰ শিল্পীসকলে অংশ ল’বলগীয়া ভৈৰৱকুণ্ড পর্যটন মহোৎসৱৰ সামৰণী অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী জুবলি বৰুৱাৰ লগতে ডুবাইৰ পৰা আমন্ত্রণ কৰি অনা শিল্পীৰ দলে অংশগ্রহণ কৰিব৷

ইয়াৰ পূর্বে অনুষ্ঠিত হ’বলগীয়া সামৰণী অনুষ্ঠানৰ মুকলি সভাত বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য খাম্ফা বৰগয়াৰী মুখ্য অতিথি হিচাপে আৰু মন্ত্রী ৰিহণ দৈমাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷

bhairabkunda festivalFeatured
Comments (0)
Add Comment