আন্তঃৰাষ্ট্রীয়–ৰাষ্ট্রী নাট্য দলেৰে এইবাৰ উজলিব কার্তিক হাজৰিকা নাট মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষুপ্রসাদ ৰাভা, নটসূর্য ফণী শর্মা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ সাংস্কৃতিক সাধনাৰ থলী তেজপুৰত আজিকোপতি নাই এখন বিজ্ঞানসন্মত নাট মঞ্চ আৰু প্রেক্ষাগৃহ ৷ ৰাজ্যৰ বিভিন্ন প্রান্তত থকা জিলা পুথিভঁৰালসমূহৰ প্রেক্ষাগৃহসমূহ প্রকৃতার্থত বিজ্ঞানসন্মতভাৱে নাট মঞ্চস্থ কৰা ঠাই নহয় ৷ চৰকাৰে বিভিন্ন সময়ত বিভিন্ন প্রকাৰে অবাবত বিপুল পৰিমাণৰ ধন ব্যয় কৰি আহিছে যদিও আজিকোপতি ৰাজ্যখনৰ ঠায়ে ঠায়ে বিজ্ঞানসন্মতভাৱে নাট মঞ্চ নির্মাণ কৰাব নোৱাৰাটো অতি দুর্ভাগ্যজনক কথা ৷ তেজপুৰত এই গুৰুত্বপূর্ণ মন্তব্য কৰে বিশিষ্ট নাট্য তথা চিত্র অভিনেতা প্রাঞ্জল শইকীয়াই ৷ উল্লেখ্য যে বিগত বর্ষৰ দৰে এইবেলিও তেজপুৰৰ অন্যতম নাট্য অনুষ্ঠান জংগমৰ উদ্যোগত তথা নাট্যপ্রেমীৰ সহযোগত কার্তিক হাজৰিকা ৰাষ্ট্রীয় নাট সমাৰোহ–২০২০ আয়োজনৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে ৷ এই সম্পর্কত দেওবাৰে তেজপুৰস্থিত ভূপেন হাজৰিকা কলাভূমিত সন্ধিয়া এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ অৱসৰপ্রাপ্ত অধ্যাপক শৈলজা কুমাৰ পদ্মপতিৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত জংগমৰ সম্পাদক জিতেন বৰঠাকুৰে উদ্দেশ্য ব্যাখ্যা কৰে ৷ জংগমৰ সভাপতি তথা বিশিষ্ট শিল্পী অলক নাথে আগবঢ়োৱা বক্তব্যত কয় যে কার্তিক হাজৰিকা ৰাষ্ট্রীয় নাট মহোৎসৱ–২০১৯ উদ্যাপন কৰি এক অভিলেখ পৰিৱেশৰ সূচনা কৰিবলৈ সক্ষম হৈছিল সাংস্কৃতিক নগৰী তেজপুৰত ৷ এই নাট মহোৎসৱত দেশৰ কেইবাগৰাকী প্রথিতযশা শিল্পী তথা অভিনেতা–অভিনেত্রীয়ে অংশগ্রহণ কৰি নাট মঞ্চায়নেৰে নাট মহোৎসৱৰ এক বিশেষ মাত্রা প্রদান কৰিছিল ৷ সভাখনত বিশিষ্ট অভিনেতা–নাট্যকাৰ প্রাঞ্জল শইকীয়াই আগবঢ়োৱা ভাষণত আৰু কয় যে অভিনেতা কার্তিক হাজৰিকা জাতীয় ছাত্র সংগঠন সদৌ অসম ছাত্র সন্থাৰ এগৰাকী সভাপতি হিচাপে দায়িত্ব পালন কৰাই নহয়, পৰৱৰ্তী সময়ত আঞ্চলিক দল অসম গণ পৰিষদৰো এগৰাকী আগশাৰীৰ নেতা আছিল ৷ তেনেস্থলত অসম চৰকাৰে কার্তিক হাজৰিকাৰ সোঁৱৰণত আয়োজন কৰা এই ৰাষ্ট্রীয় নাট মহোৎসৱৰ বাবে আর্থিক সাহায্য আৱণ্টন নিদিয়াটো অতি দুর্ভাগ্যৰ কথা ৷ সভাত উপস্থিত থকা ৰঙাপৰাৰ বিধায়ক ৰাজেন বৰঠাকুৰে দিয়া বক্তব্যত বিগত বর্ষৰ দৰে এইবেলিও ৰাষ্ট্রীয় মান অক্ষুণ্ণ ৰাখি নাট মহোৎসৱখন উদযাপন কৰাৰ পোষকতা কৰে আৰু ৰজাঘৰীয়া–প্রজাঘৰী সকলোৱে সন্মিলিতভাৱে এই নাট মহোৎসৱখন সাফল্যমণ্ডিত কৰি তুলিব লাগিব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে অহা ৩ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈ ৬ দিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’ব কার্তিক হাজৰিকা ৰাষ্ট্রীয় নাট মহোৎসৱ–২০২০ ৷ তেজপুৰ নেহৰু ময়দানত অস্থায়ীভাৱে নির্মাণ কৰিবলগীয়া মঞ্চত মঞ্চায়ন কৰা হ’ব কেইবাখনো ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন কালজয়ী নাট ৷ উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি প্রসিদ্ধ অভিনেত্রী শ্বাবানা আজমীসহ মুম্বাইৰ নাট্যদলে প্রথিতযশা নাট্যকাৰ গিৰিশ কর্নাডৰ ‘ব্রকেন ইমেজ’ শীর্ষক ইংৰাজী নাটক, মুম্বাইৰ ৰাকেশ বেদীৰ পৰিচালিত নাট ‘ৰং নাম্বাৰ’, ৰতন থিয়ামৰ এখন মণিপুৰী ভাষাৰ নাট, বঞ্চি কৌৰৰ ‘চৌদাগৰ’, দিল্লীৰ নাট্য বিদ্যালয় ৰেপাৰটৰী দলৰ ‘অন্য এক সত্যাগ্রহী’, প্রাঞ্জল শইকীয়াৰ দ্বাৰা পৰিচালিত ‘বান্দৰৰ হাতোৰা’, জ্যোতিনাৰায়ণ নাথৰ পৰিচালিত ‘লেডী মেকবেথ’, যোৰহাটৰ ৰেপ্লিকা দলৰ ‘বেডৰূম’, জংগমৰ ‘আলাপ অস্তৰাগ’ আৰু গুণাকৰ দেৱগোস্বামীৰ ‘সতী’ শীর্ষক নাট এই কার্তিক হাজৰিকা ৰাষ্ট্রীয় নাট মহোৎসৱত মঞ্চায়ন কৰা হ’ব ৷