উচ্চ ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ অনাশিক্ষকৰ

শিক্ষামন্ত্রীক স্থিতি স্পষ্ট কৰাৰ দাবী অপ্রাদেশীকৃত মাধ্যমিক শিক্ষানুষ্ঠানৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ৰাজ্যৰ ৩০৬ খন অপ্রাদেশীকৃত মাধ্যমিক শিক্ষানুষ্ঠানৰ ১০২৮ গৰাকী অনাশিক্ষক–কর্মচাৰী পদ প্রাদেশিকীকৰণৰ দাবী উত্থাপন কৰিছে সদৌ অসম প্রাদেশিকীকৰণ যোগ্য অনা শিক্ষক–কর্মচাৰী সন্থাই ৷ মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক যুগল কুমাৰ শর্মাই কয় যে পূর্বৰ প্রাদেশিকীকৰণ আইনৰ ভিত্তিত ৯২ খন উচ্চ মাধ্যমিক বিদ্যালয়, ১১০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১০৪ খন কনিষ্ঠ মহাবিদ্যালয় প্রাদেশিকীকৰণৰ যোগ্য হিচাপে বিবেচিত হৈছিল ৷ সেই সময়ত শিক্ষা বিভাগৰ নির্দেশমর্মে শিক্ষক আৰু অনা শিক্ষকসকলৰ জিলা পর্যায়ত স্ক্রুটিনী কমিটীৰ জৰিয়তে পৰীক্ষা কৰা হয় ৷ পৰৱর্তী সময়ত জিলা পর্যায়ত স্ক্রুটিনী কমিটীয়ে যাৱতীয় নথিপত্র মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ প্রেৰণ কৰে ৷ কিন্তু ৰাজ্যিক স্ক্রুটিনী কমিটীয়ে কেৱল শিক্ষকসকলৰ পদ প্রাদেশিকীকৰণৰ বাবে চৰকাৰলৈ প্রেৰণ কৰা বুলি উল্লেখ কৰি তেওঁ কয়–‘ নতুন অনাশিক্ষক পদ প্রাদেশিকীকৰণ আইনৰ অধীনত পুনৰ বিগত মে’ত জিলা পর্যায়ত অনাশিক্ষক–কর্মচাৰী স্ক্রুটিনী কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকে নির্দেশ দিছে ৷ সেই অনুসৰি জুন মাহত জিলা পর্যায়ত স্ক্রুটিনী কৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ যাৱতীয় নথি প্রেৰণ কৰিব লাগিছিল ৷ কিন্তু বর্তমানলৈ বহুকেইখন জিলাই নথিপত্র সঞ্চালকালয়ত দাখিল কৰা নাই ৷ যাৰ বাবে নতুনকৈ প্রৱর্তন কৰা অনাশিক্ষক পদ প্রাদেশিকীকৰণ আইনৰ অধীনত অনাশিক্ষক–কর্মচাৰী পদসমূহ ফিক্সড দৰমহাৰে সুকীয়াকৈ প্রাদেশিকীকৰণ কৰিব বুলি আশংকা প্রকাশ কৰিছে সন্থাই ৷ ৰাজ্য চৰকাৰে ষড়যন্ত্রমূলকভাৱে ন্যায্য প্রাপ্তিৰ পৰা বঞ্চিত কৰা কার্য কেতিয়াও গ্রহণ নকৰে বুলি মন্তব্য কৰি সন্থাৰ সম্পাদকজনে কয় আগন্তুক শীতকালীন অধিৱেশনতে অনাশিক্ষক–কর্মচাৰী পদ প্রাদেশিকীকৰণৰ ক্ষেত্রত চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিব সেয়া শিক্ষামন্ত্রীয়ে স্পষ্ট কৰক ৷ অন্যথা ন্যায্যপ্রাপ্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালৰ দ্বাৰস্থ হ’ম ৷’