ওদালগুৰিৰ ভূটান সীমান্তত অসম গৌৰৱ এশিঙীয়া গঁড়

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ এইবাৰ চুবুৰীয়া ৰাষ্ট্র ভূটানৰ জনসাধাৰণৰ সন্মুখত অসমৰ ঐতিহ্যৰ লগত পৰিচয় কৰাব অসম গৌৰৱ এশিঙীয়া গঁড়ে ৷ কেৱল গঁড়েই নহয়, অসমীয়া গামোচা, জাপিৰ লগতে বড়ো জনগোষ্ঠীৰ আৰণাইৰ লগতে বিভিন্ন প্রতীক প্রতিফলিত কৰা হৈছে ভূটানবাসীৰ সন্মুখত ৷ এই প্রতিচ্ছবিসমূহ দেখা যাব অসমৰ ওদালগুৰি জিলাৰ ভাৰত–ভূটান সীমান্তত ভাৰতে নতুনকৈ নির্মাণ কৰি থকা এখন সু–উচ্চ তোৰণত ৷ চলিত একবিংশ শতিকাৰ প্রথম দশকত অসমৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰু ভূটানৰ ছামদ্রুপঝংখাৰ জিলাৰ জোমোৎচাংখা চহৰৰ মাজৰ সংযোগী পথত ভূটান ৰাষ্ট্রৰ ভূমিত ভূটানে স্থাপন কৰিছিল ভাৰত–ভূটান সীমান্তৱর্তী এখন তোৰণ ৷ উচ্চ এই তোৰণখনৰ জৰিয়তে ভূটানে ভাৰতবাসীৰ লগতে অন্য পর্যটকক আকর্ষণ কৰিছিল ৷ ইয়াৰ বিপৰীতে অসমৰ ওদালগুৰি জিলাৰ উক্ত অঞ্চলেৰে ভূটানত প্রৱেশ কৰা পথত ভাৰতৰ ভূমিত নাছিল কোনো তেনেধৰণৰ তোৰণ৷ কিন্তু শীঘ্রেই ভাৰত–ভূটান সীমান্তৰ উক্ত অঞ্চলত ভাৰতৰ ভূমিত সীমান্ত উন্নয়ন পুঁজিৰে নির্মীয়মাণ অৱস্থাত থকা তোৰণ এখনৰ নির্মাণকার্য সম্পূর্ণ হৈ পৰিব৷ কেৱল তোৰণখনক লৈ গৌৰৱ কৰাই নহয়, উক্ত তোৰণখনে অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিভিন্ন সামগ্রী তথা জন্তুৰ চিহ্ণক পৰৰাষ্ট্র ভূটানৰ সন্মুখত চিনাকি কৰাই দিব৷ কিয়নো এই তোৰণত অংকিত আছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ লগতে অসমীয়া গামোচাৰ চানেকি জাপি তথা বডো জনগোষ্ঠীৰ আৰণাইৰ লগতে আন বিভিন্ন প্রতীক৷ সমাগত নৱবর্ষ তথা বনভোজ উপলক্ষে লক্ষ লক্ষ বনভোজপ্রেমীয়ে ভিৰ কৰে অসমৰ ভিতৰতে অন্যতম বনভোজস্থলী ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত ৷ অসম, অৰুণাচল প্রদেশ আৰু ভূটানৰ ত্রিবেণী সংগমত অৱস্থিত ভৈৰৱকুণ্ড বনভোজস্থলীত ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই ভিৰ কৰিব বনভোজপ্রেমীয়ে৷ এই বনভোজকাৰী দলসমূহে ভৈৰৱকুণ্ড বনভোজস্থলীত উপস্থিত হৈ প্রকৃতিৰ অপৰূপ সৌন্দর্য উপভোগৰ লগতে অনায়াসে চুবুুৰীয়া ৰাষ্ট্র ভূটানত প্রৱেশ কৰি ইয়াৰ জনসাধাৰণে জীৱন প্রণালী উপভোগ কৰিবলৈ সক্ষম হয় ৷