কলিয়াবৰত বান সাহায্যৰ নামত প্ৰৱঞ্চনা বন্যাৰ্তকঃ ফাইলতে আবদ্ধ তদন্ত প্ৰক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ চৰকাৰী মেৰপেঁচত বন্দী হৈ বান সাহায্যৰ ধনো নাপালে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ ৪,৯৪৮ গৰাকী বন্যাৰ্তই । বিগত ২০১৮ বৰ্ষৰ আগষ্ট মাহতেই এই বন্যাৰ্ত লোকসকলৰ মাজত বান সাহায্যৰ ধন অনুমোদনৰ চৰকাৰী পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও হিতাধিকাৰী তালিকাত ব্যাপক বিসংগতি থকা হেতু বন্যাৰ্ত ৰাইজৰ প্ৰচণ্ড প্ৰতিবাদত চৰকাৰে সেই প্ৰক্ৰিয়া বন্ধ কৰিবলৈ বাধ্য হয় । তেতিয়াৰ পৰা আজিপৰ্যন্ত সাহায্য প্ৰদানৰ সমগ্ৰ বিষয়টো ফাইলতে আবদ্ধ হৈ আছে । ইয়াকে লৈ বন্যাৰ্ত ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে জলসম্পদ বিভাগৰ দুৰ্নীতি-অনিয়মৰ বাবেই বিগত ২০১৭ বৰ্ষৰ ১২ আগষ্টত কলিয়াবৰৰ হাতীমূৰা বান্ধটো ছিঙিছিল । বান্ধটো ছিগাত সমগ্ৰ কলিয়াবৰ মহকুমাতেই বানৰ মহাপ্ৰলয় হৈছিল । বহু লোকে বানত নিজা ঘৰ-দুৱাৰপৰ্যন্ত হেৰুৱাই সৰ্বস্বান্ত হ’বলগীয়া হৈছিল । সেই বানত ক্ষতিগ্ৰস্ত নগাঁৱৰ কলিয়াবৰ ৰাজহ চক্ৰৰ ৪,৯৪৮ গৰাকী ক্ষতিগ্ৰস্ত লোকৰ বাবে চৰকাৰে ৯ কোটি ৮৬ লাখ ৭২ হাজাৰ ১০০ টকা অনুমোদন জনাইছিল । কলিয়াবৰ ৰাজহ চক্ৰৰ জৰীপৰ ভিত্তিত বান ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুত কৰা হয় । কিন্তু প্ৰচণ্ড ৰাজনৈতিক হস্তক্ষেপত সেই হিতাধিকাৰীৰ তালিকাখন প্ৰস্তুত কৰাত বহু ৰাজনৈতিক নেতা-পালিনেতাৰ অঙহী-বঙহী, বহু অযোগ্য লোকৰ নাম সন্নিৱিষ্ট হয় । ফলত ৰাজহ চক্ৰটোৰ পাঁচগৰাকী গাঁওবুঢ়াক চাকৰিৰ পৰা নিলম্বিত কৰা হয় । নিতুমনি ভৰালী, অনন্ত হাজৰীকা, প্ৰদীপ ভূঞা, উৎপল ৰাজখোৱা আৰু নিৰ্মল কোঁৱৰ নামৰ গাঁওবুঢ়াকেইজনক বলিৰ পঠা সজাই কেৱল মৌখিক নিৰ্দেশতে চাকৰিৰ পৰা নিলম্বিত কৰা হয় । আনহাতে ৰাজনৈতিক হস্তক্ষেপত প্ৰস্তুত কৰা হিতাধিকাৰীৰ তালিকাখনৰ মতেই ২০২৮ বৰ্ষৰ ৮ আগষ্টত একাংশ লোকক বান সাহায্যৰ ধন অনুমোদনৰ পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হৈছিল । কিন্তু বহু প্ৰকৃত ক্ষতিগ্ৰস্ত লোকৰ নাম সেই তালিকটো নথকাত বঞ্চিত লোকসকলে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে । পাছত তদানীন্তন নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে সমগ্ৰ বিষয় সন্দৰ্ভত এক তদন্তৰ নিৰ্দেশ দিয়ে । কিন্তু পৰিতাপৰ বিষয় যে এবছৰ উকলিল যদিও বৰ্তমানো ইয়াৰ প্ৰতিবেদন নোলাল ।

Featuredflood in assam\