কলেজসমূহক কৰ্মদক্ষতা মূল্যায়নৰ পোষকতা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কলেজসমূহক কৰ্মদক্ষতা মূল্যায়নৰ প্ৰতি আহ্বান জনায়। মুখ্য অতিথি ডাঃ পেগুৱে প্ৰধান মন্ত্ৰীৰ স্বচ্ছতা, উদ্ভাবন আৰু জ্ঞান হাব নিৰ্মাণ- এই তিনিটা আহ্বানৰ প্ৰতি শিক্ষক- শিক্ষয়ত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকলক অৱগত কৰে আৰু ইয়াৰ অংশীদাৰী হ’বলৈ সকলোকে আহ্বান জনায়। তেখেতে লগতে কয় মাইলছ ব্ৰন্সনৰ পদধূলাৰে সমৃদ্ধ শিক্ষাৰ কেন্দ্ৰ হোৱাৰ সম্পূৰ্ণ সুযোগ আৰু সুবিধা আছে বুলি মন্তব্য কৰে। লগতে ছাত্ৰ- ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক আত্মনিৰ্ভৰলীল ভাৰত, অসম আৰু লগতে আত্মনিৰ্ভৰলীল নগাঁও গঢ়াৰ প্ৰতি আহ্বান জনায়। নগাঁও কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যাদা ঘোষণা কৰাৰ বাবে নগাঁও কলেজ (অট’নমাচ) ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত অনুষ্ঠিত ধন্যবাদ আৰু কৃতজ্ঞতা অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে। আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্র চুতীয়াই আঁত ধৰা এই অনুষ্ঠানত নগাঁও কলেজ (অট’নমাচ )ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই সভাপতিত্ব কৰে আৰু অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে। ড০ বৰকটকীয়ে ভাষণত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী আৰু স্থানীয় বিধায়কক ধন্যবাদ জ্ঞাপন কৰি নগাঁও কলেজৰ ৭৭ বছৰীয়া পৰিক্ৰমাৰ এক চমু আভাস দাঙি ধৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও কলেজৰ এন. চি. চি আৰু এন. এছ. এছ ৰ সদস্যসকলক লৈ প্ৰধান মন্ত্ৰীৰ স্বচ্ছতা অভিযানৰ অংশীদাৰ হৈ নগাঁও চহৰক নতুন ৰূপত সজোৱাৰ পৰিকল্পনাৰ কথা সভাত অৱগত কৰে। আজি অনুষ্ঠিত এই সভাত নগাঁও কলেজৰ সমূহ অধ্যাপক-অধ্যাপিকা, ছাত্র- ছাত্ৰী আৰু এন. এছ. এছ, এন. চি. চিৰ সদস্যসকল উপস্থিত থাকে আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰঞ্জিত কুমাৰ মজিনদাৰে শলাগৰ শৰাই আগবঢ়ায়।