কাজিৰঙাত প্ৰশাসনৰ চাফাই অভিযান      

নিয়মীয়া বার্তা , ৩০ জুলাই: গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ সৌজন্যত আৰু বোকাখাত মহকুমা প্ৰশাসনৰ সহযোগত আজি  পুৱা ৮ বজাত কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ তথা দেশী বিদেশী পয্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কঁহৰা চাৰিআলিত চাফাই অভিযান অনুষ্ঠিত হৈ যায়।
উক্ত চাফাই অভিযানত মহকুমাধিপতি ডাঃ নেহা যাদৱ, বন বিষয়া ,বোকাখাতৰ চক্ৰ বিষয়া,সহকাৰী আয়ুক্ত , মহকুমা স্বাস্থ্য বিষয়া, বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মী, কঁহৰা বজাৰ সমিতিৰ সভাপতি, সম্পাদক আৰু কাজিৰঙা গাওঁ পঞ্চায়তৰ সদস্য সকলে অংশগ্ৰহণ কৰে।পশ্চিম গোলাঘাট খণ্ড উন্নয়ন বিষয়া পাৰ্থ গগৈয়ে কঁহৰা বজাৰ সমিতিৰ সহযোগত আগন্তুক দিনত কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কঁহৰা চাৰি আলি সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰখাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।