কৃষিকর্মৰে স্বাৱলম্বী মাজুলীৰ ফুলনী পঞ্চায়তৰ মণিকা টাইড

নিয়মীয়া বার্তা, ৪ ডিচেম্বৰঃ দ্বীপ জিলাখনৰ প্রায়সংখ্যক গাঁৱতে এতিয়া যুৱকৰ অভাৱ কাৰণ মাজুলীৰ বহুতো উচ্চ শিক্ষিত যুৱক–যুৱতী বহিঃৰাজ্যলৈ ঢাপলি মেলিছে কর্ম সংস্থাপনৰ বাবে ৷ সেই সময়তে উজনি মাজুলীৰ এগৰাকী যুৱতী নিবনুৱাৰ বাবে প্রেৰণাৰ উৎস হৈ পৰিছে ৷ কাহিলি পুৱাতে কান্ধত নাঙল লৈ গৰুহাল খেদি পথাৰলৈ যোৱা এই যুৱতীগৰাকী হ’ল উজনি মাজুলীৰ ডম্বোকিয়াল গাঁৱৰ মনিকা টাইড ৷ যিগৰাকী যুৱতী এতিয়া সমাজৰ বাবে আর্দশ স্বৰূপ হৈ পৰিছে ৷ পুৰুষ প্রধান সমাজখনত পুৰুষৰ সমানে সমানে কাম কৰা মনিকা টাইড ১৫নং ফুলনি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যাও ৷ মনিকা টাইডে সৰুকালৰ পৰাই দেউতাক, মাকক খেতি কর্মত সহায় কৰি আহিছে ৷ স্নাতক শিক্ষাৰে শিক্ষিত এই যুৱতীগৰাকীয়ে নিজে হাল বাই, কোৰ মাৰি, মাটি চহাই, শালি, লাহি, আহু, বাঁও, বৰো ধানকে ধৰি, সৰিয়হ, পিঁয়াজ, কবি, আলু আদিৰ খেতি কৰি আহিছে ৷ তদুপৰি যুৱতিগৰাকীয়ে পকা ৰ’দত পৰি পথাৰত ডলি মৰা, ধান মৰা, তাঁত বোৱা আদিকে ধৰি পুৰুষ, মহিলা উভয় পক্ষৰ কাম কৰি আহিছে ৷ ঘৰৰ ডাঙৰ সন্তান হোৱাৰ বাবেই চাৰিজনীয়া পৰিয়ালটো সুচাৰুৰূপে চলাবৰ বাবে সৰুৰে পৰা এই যুৱতীগৰাকীয়ে কৃষি কর্মত জড়িত হৈ পৰিব লগা হয় ৷ বর্তমান ৰাজনীতিত জড়িত হৈয়ো, এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ ব্যস্ততাৰ মাজতো কৃষি কর্মৰ বাবে সময় উলিওৱা কার্যই এতিয়া সকলোকে আর্কষিত কৰি তুলিছে ৷ যি সময়ত উচ্চ শিক্ষা গ্রহণৰ পিছত বহিঃৰাজ্যলৈ কর্ম সস্থাপনৰ বাবে যুৱক, যুৱতিসকল ঢাপলি মেলিছে তেনে সময়তে এইগৰাকী যুৱতীয়ে কৃর্ষি কর্ম কৰি এক নজিৰ সৃষ্টি কৰিছে ৷ কথাৰে নহয় কামেৰে নিজৰ পৰিচয় ডাঙি ধৰা এই জনপ্রতিনিধিগৰাকীয়ে এতিয়া উজনি মাজুলীবাসীৰ অন্তৰ জয় কৰিছে ৷

Featured