কৰ’না বিৰোধী যুদ্ধত নামি পৰিছে REAL HEROসকল

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ কৰ’না বিৰোধী যুদ্ধত নামি পৰিছে REAL HEROসকল।স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য কৰ্মীৰ লগতে আশা কৰ্মী সকলক  REAL HERO আখ্যা দিয়াৰ পাছতে দূগুণ উৎসাহৰে কৰ্মক্ষেত্ৰত নামিছে এইসকল কৰ্মী। গাঁৱে গাঁৱে কোৱাৰেণ্টাইনত থকা লোকসকলৰ নিৰীক্ষণ কৰাৰ লগতে ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰিছে। কোৱাৰেণ্টাইনত থকা লোকসকলক ঘৰে ঘৰে গৈ বুজোৱাৰ লগতে চুবুৰীয়া লোকসকলকে সতৰ্ক কৰি দিছে আশাকৰ্মীসকলে। ফলত এই ভাইৰাছক লৈ সজাগ আৰু সচেতন হৈছে লোকসকল।

Comments (0)
Add Comment