ক’ৰোনা; উৰাবাতৰিক প্রশ্রয় নিদিব- মন্ত্রী যোগেন মহন

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ শিৱসাগৰ জিলাত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে জিলা প্রশাসনৰ তৰফৰ পৰা গ্রহণ কৰা সতর্কতামূলক ব্যৱস্থা সন্দর্ভত পর্যালোচনা কৰাৰ বাবে জিলা উপায়ুক্ত কার্যালয়ৰ চুকাফা সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত অংশগ্রহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্র তথা গডকাপ্ঢানী বিভাগৰ ৰাজ্যিক মন্ত্রী যোগেন মহনে নিজ বক্তব্যত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিহত কৰাৰ বাবে ৰাইজৰ মাজত সতর্কতামূলক ব্যৱস্থাৱলী সন্দর্ভত বহুলভাৱে সজাগতা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগ প্রমুখ্যে সকলো চৰকাৰী বিভাগৰ বিষয়া–কর্মচাৰীসক আহ্বান জনায়৷ তেওঁ ৰাইজক কোনোধৰণৰ উৰাবাতৰিক প্রশ্রয় নিদিবলৈ 

আৰু ভীতিগ্রস্ত নহ’বলৈও আহ্বান জনায়৷ তেওঁ এইক্ষেত্রত গাঁও আৰু পঞ্চায়ত পর্যায়ত সজাগতা বৃদ্ধিৰ পোষকতা কৰে৷ থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক শ্যামন্ত মাধৱ শর্মাই ন’ভেল ক’ৰোনা ভাইৰাছৰ লক্ষণ, ইয়াৰ প্রতিৰোধৰ বাবে জিলা পর্যায়ত গ্রহণ কৰা সতর্কতামূলক ব্যৱস্থা আদি সন্দর্ভত বিস্তৃত প্রতিবেদন আগবঢ়ায়৷ তেওঁ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ডাঃ হেমন্ত কুমাৰ বৰুৱাক ন’ডেল বিষয়া হিচাপে লৈ এটা তাৎক্ষণিক সঁহাৰি দল ইতিমধ্যে গঠন কৰা হৈছে বুলি সদৰী কৰে৷ তদুপৰি ক’ৰোনা ভাইৰাছ সংক্রমিত দেশ বা ৰাজ্যৰ পৰা অহা ব্যক্তি বা এই ভাইৰাছ সংক্রমিত হোৱা বুলি সন্দেহ হোৱা ব্যক্তিক আছুতীয়াকৈ নিৰীক্ষণ কৰা বা ৰখাৰ বাবে গ্রহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে জিলা প্রশাসন, আৰক্ষী বিভাগ আৰু সকলো চৰকাৰী বিভাগকে ঐক্যবদ্ধভাৱে ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত কাম কৰি যাবলৈ আহ্বান জনায়৷ বৈঠকত জিলা উপায়ুক্তই ইতিপূর্বে আৱর্ত ভৱনত অতিৰিক্ত উপায়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়াৰ তত্ত্বাৱধানত এক জিলাস্তৰীয় নিয়ন্ত্রণ কক্ষ মুকলি কৰা হৈছে বুলি উল্লেখ কৰে৷ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ অন্তর্গত জিলা আপাতকালীন সঞ্চালন কেন্দ্রত দিনে–নিশাই সক্রিয় এই নিয়ন্ত্রণ কক্ষৰ যোগাযোগ নম্বৰ ১০৭৭ (টোল ফ্রী), ০৩৭৭২–২২৩৩৯৭ আৰু ৮৪৭১৮–৬৪৩৫৫ত শিৱসাগৰ জিলাবাসীয়ে ন’ভেল ক’ৰোনা ভাইৰাছ সম্পর্কীয় যিকোনো তথ্য, পৰামর্শ বা সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে৷ বৈঠকত আৰক্ষী অধীক্ষক অমিতাভ সিন্হা, জিলা উন্নয়ন আয়ুক্ত নবাব আল আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷

Comments (0)
Add Comment