গহপুৰত বোৱাৰীক হত্যাঃ সহকর্মীৰ হত্যাকাৰীক ফাঁচিৰ দাবী অংগনৱাড়ী কর্মীৰ

নিয়মীয়া বার্তা, ৪ ডিচেম্বৰঃ গহপুৰত সংঘটিত বোৱাৰী হত্যাকাণ্ডক লৈ মঙলবাৰে অংগনৱাড়ী কর্মী–সহায়িকাই তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ গহপুৰৰ পূব ছয়দুৱাৰ শিশু উন্নয়ন প্রকল্প বিষয়াৰ কার্যালয়ত মঙলবাৰে দিনৰ ১১ বজাত পূব ছয়দুৱাৰৰ অন্তর্গত একাংশ অংগনৱাড়ী কর্মী–সহায়িকাই হত্যাকাণ্ডত জডিত হত্যাকাৰীক শাস্তিৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে সোমবাৰে সংঘটিত ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হৈছিল ৷ গহপুৰৰ জয়পুৰত সংঘটিত হত্যাকাণ্ডৰ লগত মহিলাগৰাকীৰ স্বামী লৱ বৰা আৰু শহুৰেক অমল বৰা জডিত আছে বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে ৷ ইপিনে লৱ বৰা ইতিমধ্যে বহুকেইটা অপৰাধজনিত ঘটনাৰ লগত জডিত আছিল বুলি আৰক্ষী বিভাগে জানিবলৈ দিছে ৷ ১০ বছৰীয়া আৰু ডেৰ বছৰীয়া দুটি সন্তানৰ মাতৃ দেৱযানীক হত্যা কৰাৰ অভিযোগ তুলি মহিলাগৰাকীৰ পিতৃ সদানন্দ দত্তই গহপুৰ থানাত এখন এজাহাৰ দাখিল কৰি জীয়ৰীক স্বামী আৰু শহুৰেকে মিলি মৰিয়াই মৰিয়াই হত্যা কৰি পিছত বিষাক্ত দ্রব্য খুৱাই আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা কৰা বুলি দাবী উত্থাপন কৰিছে ৷