নগাঁৱত আজি কভিডত ২২৮ গৰাকী আক্ৰান্ত

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ নগাঁও জিলাত‌ আজিৰ দিনটোত কভিডৰ সংক্ৰমন অতি উদ্বেগ জনক ভাবে বৃদ্ধি পাইছে। আজিৰ দিনটোত ২২৮ গৰাকী লোক কভিদত আক্ৰান্ত হৈছে।এতিয়ালৈক জিলা খনত আজিৰ দিনটোত সৰ্বাধিক ২২৮ গৰাকী লোক আক্ৰান্ত হৈছে। আজিৰ দিনটোত ২০৯৮ গৰাকী লোকৰ ৰেপিদ এণ্টিজেণ্ট টেষ্ট আৰু ৩৬ গৰাকী লোকৰ আৰ টি পি চি আৰ টেষ্ট কৰা হয়।কভিদত আক্ৰান্ত সকলৰ ভিতৰত চৰকাৰী বিষয়া কৰ্মচাৰী, ব্যৱসায়ী আদি আছে।এনেদৰে জিলা খনত কভিদৰ সংক্ৰমন বৃদ্ধি হোৱাত জিলা বাসী চিন্তিত হৈ পৰিছে।