গোৰেশ্বৰত অনিয়মেৰে নির্মাণ কৰা পথৰ কাম বন্ধ কৰিলে ৰাইজে

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ  গোৰেশ্বৰত প্রধানমন্ত্রী গ্রাম্য চডক যোজনাৰ পথ নির্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ সংযোগী গডকাপ্ঢানী পথৰ নাৰামাৰীৰ পৰা চিল্কিঝাৰ সংযোগী পথটো নির্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম৷ পথটো নির্মাণৰ ঠিকা ২০১৮ চনতে লাভ কৰিছিল দীপক দাসে৷ সেইমর্মে ঠিকাদাৰ দাসে কাম আৰম্ভ কৰে৷ সেই বর্ষৰ জুলাইৰ পৰা কাম আৰম্ভ কৰি ২০২০ বর্ষৰ জানুৱাৰীত সমাপ্ত কৰিব লাগিছিল৷ পাছে বর্তমানেও কাম শেষ কৰিব পৰা নাই৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে ঠিকাদাৰ দাসে মইমতালিৰে পথটোৰ নির্মাণৰ কাম চলাই আহিছে৷ গডকাপ্টানী বিভাগৰ প্রাক্কলন মতে নির্মাণৰ কাম নকৰি প্রস্থ কমাই ব্লেক টেপিং কৰিছে৷ সেয়াও বালি মাটিৰ ওপৰত ব্লেক টেপিং কৰাৰ ফলত নির্মাণৰ এদিন পাৰ নৌহওঁতেই বখলাবখলে উঠি গৈছে৷ আজি অঞ্চলটোৰ পুৰুষ–মহিলা ওলাই আহি নিম্নমানৰ কাম কৰা বন্ধ কৰক, ঠিকাদাৰৰ পথ নির্মাণৰ মইমতালি নচলিব, আমাক ভাল ৰাস্তা লাগিবই আদি বিভিন্ন শ্লোগান দি পথৰ ব্লেক টেপিং বখলাবখলে এৰুৱাই প্রতিবাদ সাব্যস্ত কৰে৷ লগতে পথ নির্মাণৰ কাম বন্ধ কৰি দিয়ে স্থানীয় পুৰুষ আৰু মহিলাসকলে৷ পৰৱর্তী সময়ত গডকাপ্ঢানী বিভাগৰ গোৰেশ্বৰ উপ–সংমণ্ডলৰ অভিযন্তাই পথ নির্মাণস্থলীলৈ গৈ কাম চোৱা–চিতা কৰে৷

আনহাতে, অভিযন্তাগৰাকীক পথ নির্মাণত হোৱা অনিয়মৰ অভিযোগ দিয়াত বিষয়াগৰাকীয়ে ৰাইজৰ আগত পথ নির্মাণত অনিয়ম হোৱাতো স্বীকাৰ কৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ অভিযন্তাগৰাকীয়ে ব্লেক টেপিং কৰিবলৈ থকা অৱশিষ্ট পথখিনি ভালকৈ কৰাৰ আশ্বাস দিয়ে৷ প্রায় দুই কিলোমিটাৰ ব্লেক টেপিং সম্পূর্ণ হোৱা পথছোৱা কি কৰে সেয়া স্পষ্টকৈ ৰাইজক অৱগত কৰিব নোৱাৰাত ক্ষুব্ধ ৰাইজে পথ নির্মাণৰ কাম বন্ধ কৰি দিয়ে৷

Comments (0)
Add Comment