গোৰেশ্বৰ ঔগুৰিত বড়ো সাহিত্য দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ সমীপবৰ্তী ঔগুৰিস্হিত ৰূপনাথ ব্ৰহ্ম প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে বড়ো সাহিত্য দিৱস পালন কৰাৰ লগতে গোৰেশ্বৰ প্ৰাথমিক বড়ো সাহিত্য সভাৰ ৪০সংখ্যক অধিৱেশনখন অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা ৮বজাত গোৰেশ্বৰ বড়ো সাহিত্য সভাৰ সভাপতি মোহন চন্দ্ৰ বড়োৱে পতাকা উত্তোনৰে সাহিত্য দিৱস তথা অধিবেশনৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে ছহিদ তৰ্পণ কৰে মনোৰঞ্জন বড়ো আৰু সৌগমছাৰ বড়োৱে। ইয়াৰ পিছত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে আচিন বড়ো ,কৰবিন্দ বড়ো,টংকেশ্বৰ ব্ৰহ্ম ,কবিন বড়ো আৰু ধীৰেশ্বৰ বড়োৱে ৷ ৯-৩০বজাত কবিতা আবৃত্তি,ছিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

আনহাতে ১০বজাত প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ বড়ো প্ৰাথমিক শিক্ষক -কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতি কৃষ্ণদাস স্বৰ্গীয়াৰীয়ে। প্ৰায় ডেৰশতাধিক প্ৰতিনিধিৰ উপস্থিতিত মোহন চন্দ্ৰ বড়োৰ পৰিচলানাত অনুষ্ঠিত প্ৰতিনিধি সভাত বড়ো মাধ্যমত অধ্যয়ন কৰি যোগ্যতা অৰ্জন কৰা যুৱক যুৱতীকহে বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি দিয়া আৰু বড়ো মাধ্যমৰ বিদ্যালয় অসমীয়া বা অন্য মাধ্যমৰ লগত একত্ৰিকৰণ বন্ধ কৰাৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । সভাৰ মাজতে বড়ো কৃষ্টি খেৰাই নৃত্য প্ৰদৰ্শন কৰে যুৱক-যুৱতীৰ এটা দলে । বিয়লি ২বজাত কৃষ্ণদাস স্বৰ্গীয়াৰীয়ে গোৰেশ্বৰ বড়ো সাহিত্য সভাৰ মুখপত্ৰ “থাবখ্ৰী “আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহীধৰ বড়োৰ কাব্যগ্ৰন্থ “ আয় নৌংনি সেথলায়ান “ উন্মোচন কৰে কৃষ্ণ দাস স্বৰ্গীয়াৰী আৰু হৰেন্দ্ৰ নাথ বড়োই ।মোহন চন্দ্ৰ বড়োৰ পৰিচালনাত মুকলি তথা সম্বৰ্ধণা সভা অনুষ্ঠিত হয় ।