গোৱালপাৰাত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান; বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ 

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: গোৱালপাৰাত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে সস্তম হৈ পৰা দেখা গৈছে  জিলা বন বিভাগ ।প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই অবৈধ কাঠৰ লগতে বালি সৰবৰাহ কৰা ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। সোমবাৰে নিশা ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত শিমলীতোলাত গোৱালপাৰা বন সুৰক্ষা বাহিনী,ৰংজুলি আঞ্চলিক বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়,ধূপধৰা আৰু শিমলীতোলা খণ্ড বন বিভাগৰ  বনকৰ্মীৰ যৌথ অভিযানত দুখন শাল গছৰ কুণ্ডা ভৰ্তি বলেৰো পিক্ আপ বাহন জব্দ কৰিবলৈ সক্ষম হয় ।শাল গছৰ কুণ্ডা সমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায়  দুই লক্ষাধিক টকা হব বুলি বন বিভাগে জানিবলৈ দিয়ে । জব্দকৃত শাল গছৰ কুণ্ডা সহ: বাহন দুখন গোৱালপাৰা বন সুৰক্ষা বাহিনীৰ জিম্মাত লৈ যায় । উল্লেখ্য সিদিনাখনে সন্ধিয়া ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া শৰৎ দাসৰ নেতৃত্বত অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে অভিযান চলাই  টিপলাই বৰপথাৰত এটা অবৈধ কাঠ ফলা কল উৎখাট কৰাৰ লগতে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।পিছত জব্দকৃত কাঠ ফলা কলৰ যন্ত্ৰ পাতি সহ: চোৰাং কাঠ সমূহ ৰংজুলি বনাঞ্চলিক  কাৰ্যালয়লৈ লৈ আনে ।

প্ৰেৰক ঃ জ্যোতিষ নাথ, টিপলাই