চাইকেলেৰে ভাৰত ভ্রমি শিৱসাগৰত উপস্থিত ধর্মেশ্বৰ দাস

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ যি সময়ত অন্য একাংশ যুৱকে নিচাযুক্ত দ্রব্য সেৱন কৰি জীৱন ধ্বংস কৰিছে, তেনে সময়তে আন একাংশ উচ্চশিক্ষিত যুৱকে শ্রীমদ্ভাগৱত–গীতাৰ বাণী প্রচাৰৰ লগতে প্রদূষণ নিয়ন্ত্রণৰ উদ্দেশ্যে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ আন্তর্জাতিক কৃষ ভাৱনা অমৃত সংঘ, চমুকৈ ইস্কনৰ একনিষ্ঠ সেৱক হৰি ধর্মেশ্বৰ দাসে চাৰি বছৰত সমগ্র ভাৰতৰ প্রায় ১২ হাজাৰ কিলোমিটাৰ চাইকেল যাত্রা কৰিছে ৷ ২০১৫ চনত ব্যক্তিজনে কর্ণাটকৰ বেলগাঁৱৰ পৰা এই চাইকেল যাত্রা আৰম্ভ কৰিছিল ৷ বর্তমানলৈকে তেওঁ ভাৰতবর্ষৰ তীর্থভূমি মথুৰা, উৰিষ্যা, দ্বাৰকা, শ্রীৰংগম, ৰামেশ্বৰম আদি বিভিন্ন স্থানসমূহত চাইকেল যাত্রা কৰি ভাগৱত–গীতাৰ অমৃত বাণী প্রচাৰ কৰাৰ লগতে পৰিৱেশ নিকাকৰণ আৰু প্রদূষণ নিয়ন্ত্রণৰ উদ্দেশ্যে ৰাইজক সজাগ কৰাৰ প্রচেষ্টা চলায় ৷ ১২ ছেপ্টেম্বৰত বেলগাঁৱৰ পৰা আহি তেওঁ অসমত পদার্পণ কৰি বুধবাৰে শিৱসাগৰত উপস্থিত হয়হি ৷ প্রায় ১২ হাজাৰ কিলোমিটাৰ চাইকেল চলাই ভাৰতবর্ষৰ বিভিন্ন ঠাইৰ লগতে মেঘালয়ৰ শ্বিলঙত উপস্থিত হৈ ভাগৱত–গীতাৰ সাৰমর্মৰ লগতে পৰিৱেশ প্রদূষণৰ ওপৰত ছাত্র–ছাত্রী আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ উল্লেখ্য যে অসমৰ বিভিন্ন প্রান্তত ইস্কনৰ ত্রিশটা কেন্দ্রই ভাগৱত–গীতাৰ বাণী লৈ ৰাইজৰ আগত প্রচাৰ কৰাৰ লগতে ইস্কনৰ বিভিন্ন কার্যপন্থাৰ বিষয়েও অৱগত কৰে ৷ বি টেক পৰীক্ষাত উত্তীর্ণ হৈ চাকৰিৰ মোহ বাদ দি ভাগৱত–গীতাৰ বাণীক সাৰোগত কৰি গৌডগোদাই দাস ব্রহ্মচাৰী নামৰ যুৱকগৰাকীয়ে ইস্কনৰ শিৱসাগৰ কেন্দ্রৰ তত্ত্বাৱধায়ক হিচাপে দায়িত্ব পালন কৰি আহিছে ৷ শিৱসাগৰ কেন্দ্রৰ তত্ত্বাৱধায়কগৰাকী সমূহ শিৱসাগৰত ভাগৱত–গীতাৰ বাণী প্রচাৰৰ বাবে অহৰহ চেষ্টা চলাই থকাৰ উপৰি বর্তমান কেন্দ্রটোত ১০০তকৈও অধিক লোকে ইস্কনত যোগদান কৰি ভাগৱত–গীতাৰ সাৰমর্ম গ্রহণ কৰিছে ৷