চিৰাঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক ১ জন

চিৰাং, ১৯ নৱেম্বৰঃ চিৰাঙত নিশা ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দহলাপাৰাস্থিত টোলগেটৰ পৰা ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা এজন যুৱকক আটক কৰে স্থানীয় ৰাইজে । আটকাধীন ব্যৱসায়ীজনৰ পৰা স্থানীয় ৰাইজে ৫২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে ৷ পৰৱৰ্তি সময়ত ঘটনাস্থলিত জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাস সহ বাসুগাঁও আৰক্ষী উপস্থিত হৈ যুৱকজনক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে বিগত ৩ মাহত চিৰাং আৰক্ষীয়ে ৩৫ টা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

Drugs SeizedFeatured