টেংকাৰত পেট্র’ল বোমা নিক্ষেপঃ আৰক্ষীৰ জালত অভিযুক্ত ওৰাঙৰ যুৱক

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ঢ়েকীয়াজুলিত টেংকাৰত পেট্র’ল বোমা নিক্ষেপৰ ঘটনাত অভিযুক্ত ওৰাঙৰ এজন যুৱকক আৰক্ষীয়ে দেওবাৰে গ্রেপ্তাৰ কৰে ৷

উল্লেখ্য যে পাঁচনৈ দলঙৰ সমীপত তিনি দিন পূর্বে এ এছ–০১ ডি ডি–৫২৩৪ নম্বৰৰ এখন তেল টেংকাৰত পেট্র’ল বোমা নিক্ষেপ কৰিছিল দুর্বৃত্তই ৷

টেংকাৰখন ভস্মীভূত হোৱাত ছিপাঝাৰৰ আজিজুৰ ৰহমান নামৰ চালকজনৰ জীৱন্তে অগ্ণিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে হেণ্ডিমেন মুছলিমুদ্দিন আহত হৈছিল ৷ সমগ্র ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে ঘটনাত অভিযুক্ত ওৰাঙৰ বিজয় নাথ নামৰ যুৱকজনক গ্রেপ্তাৰ কৰে ৷

শীঘ্রেই ঘটনাত জড়িত আন অভিযুক্তকো গ্রেপ্তাৰ কৰা হ’ব বুলি জনাইছে ডি আই জি লাচিত বৰুৱাই ৷

Comments (0)
Add Comment