ডঃ উদ্ধৱ ভৰালীলৈ ২০১৯ বৰ্ষৰ মহাবীৰ লাচিত বঁটা

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীলৈ আগবঢ়োৱা হৈছে ২০১৯ বৰ্ষৰ মহাবীৰ লাচিত বঁটা । অহা ২৪ নৱেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰত এই বঁটা প্ৰদান কৰিব তাই আহোম যুৱ পৰিষদে । বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰি পৰিষদৰ প্ৰচাৰ সম্পাদক গুণকান্ত গগৈয়ে । তেওঁ লগতে কয় যে বিগত বছৰসমূহৰ দৰে এইবাৰো টাইপাৰ জিলাসমূহে নাম প্ৰেৰণ কৰা বিশিষ্ট ব্যক্তিসকলৰ মাজৰ পৰা মহাবীৰ লাচিত বঁটাৰ বাবে বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীক নিৰ্বাচন কৰে । অহা ২৪ নৱেম্বৰত এই বঁটা এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব ।