ডিগবৈত আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ শনিবাৰে আবেলি আলোচনাপন্থী আলফা নেতা জিতেন দত্তক নিজা বাসভৱনৰ পৰা তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত অহা এটা দলে গ্ৰেপ্তাৰ কৰে ।

ইপিনে কোনো কাগজপত্র নেদেখুওৱাকৈ আলোচনাপন্থী আলফা নেতাজনক গ্রেপ্তাৰ কৰাত সমগ্র ডিগবৈ অঞ্চলত চাঞ্চল্য সৃষ্টি হৈছে ৷

ডিগবৈৰ পৰা তিনিচুকীয়া অভিমুখে লৈ যোৱাৰ সময়ত মাকুমত অৱস্থান কৰি থকা এদল প্রতিবাদকাৰীয়ে আৰক্ষীৰ দলটোক বাধা দিছিল যদিও আৰক্ষীয়ে তিনিজাঁই শূন্যলৈ গুলীচালনা কৰি প্রতিবাদকাৰীৰ বেহু ফালি লৈ যায় আৰু আলোচনাপন্থী আলফা নেতাজনক গ্রেপ্তাৰ কৰাৰ সময়ত আলফা নেতাজনে শান্তিপূর্ণভাৱে কেববিৰোধী প্রতিবাদ অব্যাহত কৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে কোনো অপ্রীতিকৰ পৰিস্থিতি নকৰিবলৈ ৰাইজক অনুৰোধ জনায় ৷

তেওঁ কয় যে ৰাইজৰ লগত মই সদায় আছোঁ আৰু সদায় থাকিম ৷

আনহাতে সমগ্র ডিগবৈৰ সকলো সামাজিক অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে দল–সংগঠনে জিতেন দত্তক বিনাচর্তে মুক্তি দিয়াৰ দাবী জনায় ৷

Comments (0)
Add Comment